/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/s6bej7kt/9.jpg)
ডিজিটেল সংবাদ,হাজোঃ হাজো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক মহিলাই। প্ৰতিকুল বতৰকো নেওচি মদ, ভাং, ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল হাজোৰ কেইবাখনো গাঁৱৰ মহিলা।
দীৰ্ঘ দিনৰে পৰা অঞ্চলটোত নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা চলাই অহা একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে হাতে হাতে প্লে-কাৰ্ড লৈ মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, হাজো আমাৰ পূণ্যভূমি, ইয়াক মদ, ভাং আৰু ড্ৰাগছৰ নামেৰে কুলষিত নকৰিব- শীৰ্ষক প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সকলে। লগতে প্ৰতিবাদী মহিলা সকলে হাজো চক্ৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
Also Read: 'মণিপুৰৰ সংঘৰ্ষ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয়, দুই জনগোষ্ঠীৰহে সংঘৰ্ষ' - কিৰেণ ৰিজিজু