এজাক বৰষুণতেই ডুব গ'ল কচুৱা আদৰ্শ চিকিৎসালয়ৰ চৌহদ...

এজাক বৰষুণতেই ডুব গ'ল কচুৱা আদৰ্শ চিকিৎসালয়ৰ চৌহদ...

ডিজিটেল সংবাদ, কচুৱা : ৰাজ্যত কৃত্ৰিম বানপানীৰ অঘোষিত প্ৰতিযোগিতা। আন আন প্ৰান্তৰ দৰে কচুৱা আদৰ্শ চিকিৎসালয় চৌহদতো এজাক বৰষুণ দিলেই একাঠু পৰ্যন্ত পানী জমা হোৱা পৰিলক্ষিত হয়। পানী চলাচলৰ বাবে কোনো ধৰণৰ সুবিধা নথকাত এজাক বৰষুণত হস্পিতাল চৌহদ আৰু ভিতৰ ভাগত বৰষুণৰ পানী আৰু লেতেৰা ময় জমা হয়।

চিকিৎসালয় চৌহদত পানী জমা হোৱা পানীৰ বাবে ৰোগী সকলে যথেষ্ট সমস্যাত ভুগিব লগা হয়। দিনটোত হাজাৰ হাজাৰ ৰোগীয়ে চিকিৎসা কৰিবলৈ অহা চিকিৎসালয়ৰ এনে পৰিৱেশকলৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে চৰকাৰ আৰু হাস্পতাল কৰ্তৃপক্ষক অতি সোনকালে চিকিৎসালয়খনৰ চৌহদৰ পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে।

এজাক বৰষুণতেই ডুব গ'ল কচুৱা আদৰ্শ চিকিৎসালয়ৰ চৌহদ...
সুখবৰ: ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত প্ৰথমগৰাকী অসমীয়া মহিলা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in