ব্যৰ্থ বনবিভাগ: কচুৱাত বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু বন্যহস্তীৰ...

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে বিদ্যুৎপৃষ্ঠ হৈ প্ৰাণ হেৰুৱালে

author-image
Asomiya Pratidin
New Update
ব্যৰ্থ বনবিভাগ: কচুৱাত বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু বন্যহস্তীৰ...

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কামপুৰ : বিদ্যুৎপৃষ্ঠ হৈ প্ৰাণ হেৰুৱালে আন এটা বন্যহস্তীয়ে।খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা হাতীৰ জাকে প্ৰতিদিনে সন্ত্ৰাস চলাইছিল নগাঁও জিলাৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰজাগাঁও, শিঙিমালী আৰু লংজাপ অঞ্চলত।

Advertisment

বিগত এটা বছৰৰ ভিতৰত অঞ্চলটোত বন্যহস্তীৰ আক্ৰমণত ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে বহুলোকৰ খেতি-বাতি, ঘৰ-দুৱাৰ নষ্ট কৰি আহিছে। দেওবাৰেও এটা হাতীৰজাক বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহোতেই সংঘটিত হয় দুৰ্ভাগ্যজনক ঘটনা।

কামপুৰৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ ধনচিলা পাহাৰৰ সমীপত খাদ্যৰ সন্ধানৰ বাবে পাহাৰৰ পৰা নামি অহা এটা হাতীয়ে বিদুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক আঁকোৱালি লয়। ইয়াৰ পিছতে সোমবাৰে বনবিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিশেষজ্ঞ চিকিৎসক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰি মৃত্যু হোৱা ঠাইতে পুতি ৰাখে।

উল্লেখযোগ্য যে, কচুৱাৰ বিভিন্ন অঞ্চলত হাতী বিচৰণৰ সময়ত বিদুৎ পৰিবাহী তাঁৰত লাগি হাতীৰ মৃত্যু হোৱাক সহজভাবে মানি ল'ব পৰা নাই সচেতন মহলে। ইপিনে মৃত্যু হোৱা হাতীটো চাবলৈ শ-শ লোকে ভিৰ কৰাৰ পৰিলক্ষিত হয়।

Also Read: ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে লামডিঙৰ ডেমু কেয়াৰ চেন্টাৰ...

forest department of assam