ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে লামডিঙৰ ডেমু কেয়াৰ চেন্টাৰ...

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উদ্বোধন কৰে লামডিঙৰ ডেমু কেয়াৰ চেন্টাৰ।

author-image
Asomiya Pratidin
New Update
ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে লামডিঙৰ ডেমু কেয়াৰ চেন্টাৰ...

ডিজিটেল সংবাদ, লামডিং : সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উদ্বোধন কৰে লামডিঙৰ ডেমু কেয়াৰ চেন্টাৰ। নতুনকৈ লামডিঙত বৈদ্যুতিকীকৰণ কৰা খণ্ডসমূহ সমৰ্পিত কৰি নৱনিৰ্মিত ডেমু/মেমু শ্বেড দুপৰীয়া ১২ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পতাকা দেখুৱাই উদ্বোধন কৰে।

Advertisment

ইয়াৰ জৰিয়তে ইলেক্ট্ৰিক লাইনত চলা ট্ৰেইনৰ মেৰামতিৰ কাম আৰম্ভ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে লামডিঙৰ এই নৱনিৰ্মিত ডেমু/মেমু শ্বেড উদ্বোধন কৰি নতুন সুবিধাৰ জৰিয়তে অঞ্চলটোত পৰিচালিত ডেমু ৰেকৰ চোৱা-চিতা কৰাত সহায় হ'ব বুলি মত প্ৰকাশ কৰে। যাৰ ফলত উন্নত পৰিচালন ক্ষমতা আহৰণ হ'ব।

আনহাতে আজিৰ এই শুভ উদ্বোধনত ডেমু শ্বেডৰ সকলো কৰ্মচাৰীৰ মাজত আনন্দময় পৰিৱেশে বিৰাজ কৰে। আৰু কৰ্মচাৰী সকলে ৰে'লমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

Also Read: শেৱালী দেৱীৰ ১০৫ কোটি টকাৰ কেলেংকাৰী; চিএম ভিজিলেন্সে তলব কৰিলে কাক কাক...

lumding