নগাঁৱত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ ওপজা দিনত "কবিতাৰ দিন" উদযাপন

নগাঁৱত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ ওপজা দিনত "কবিতাৰ দিন" উদযাপন

author-image
Asomiya Pratidin
New Update
নগাঁৱত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ ওপজা দিনত "কবিতাৰ দিন" উদযাপন

ডিজিটেল সংবাদ,নগাঁও : অকণিৰ সাহিত্য সভাৰ উদ্যোগত শুকুৰবাৰে বিয়লি দুই বজাৰ পৰা নগাঁৱৰ নতুন বজাৰস্থিত কবি নৱকান্ত বৰুৱাৰ পুৰণি ভেটিৰ শিলিখা গছজোপাৰ তলতে কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ ওপজা দিন "কবিতাৰ দিন" উদযাপন কৰা হয়। অকণিৰ সাহিত্য সভাৰ সম্পাদক, কবি দ্বীপজ্যোতি বৰাই আঁত ধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে "টেবুল গ্ৰন্থমেলা"ৰ উদ্বোধন কৰে নগাঁও কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই।

Advertisment

আজি দহজন কবি ক্ৰমে, সুৰেন্দ্ৰ মোহন দাস, ৰিণ্টু দাস, শেৱালী বৰুৱা, সোণাৰাম বৰা, সত্যজিৎ নাথ, শিৱপ্ৰসাদ নাথ, মালবিকা বৰা, বিপুল মজিন্দাৰ, গুণ শৰ্মা আৰু অচিন্ত্য বৰালৈ 'কবিতাৰ দিনৰ সন্মান' যঁচা হয়।

ডা° প্ৰয়াগ শইকীয়া, কাৰুণ্য ভট্টাচাৰ্য, কুমাৰ বিভূতি, হিমাদ্ৰী হাজৰিকা, পাপু মজুমদাৰ, মুস্তকিন স্বেইখ, নিজৰা শইকীয়াৰে ধৰি কেইবাজনৰো গীতেৰে জীপাল হোৱা অনুষ্ঠানটি সঞ্চালনা কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা অমিয়া পাটৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নিজা মন্তব্যৰে কবিলৈ শ্ৰদ্ধা জনাই ক্ৰমে গল্পকাৰ শিৱানন্দ কাকতি, ডাক্তৰ জয়ন্ত বৰুৱা, নবীন কলিতা, ত্ৰৈলোক্য ভট্টাচাৰ্য, ডাক্তৰ বিজয়া বৰুৱা, ডাক্তৰ দিলীপ শৰ্মা , পাৰুল গায়ন, ৰাকেশধীৰ মেধি আদি ব্যক্তিসকলে। অনুষ্ঠানটি সামগ্রিক পৰিচালনা কৰে সাহিত্য সংগঠক দুলাল বৰাই।

Also Read: ১০০ মিটাৰ দৌৰি সোণৰ পদক অৰ্জন ৯৫ বছৰ উৰ্ধৰ ইন্দ্ৰেশ্বৰ দিহিঙ্গীয়াৰ