১০০ মিটাৰ দৌৰি সোণৰ পদক অৰ্জন ৯৫ বছৰ উৰ্ধৰ ইন্দ্ৰেশ্বৰ দিহিঙ্গীয়াৰ

১০০ মিটাৰ দৌৰি সোণৰ পদক অৰ্জন  ৯৫ বছৰ উৰ্ধৰ ইন্দ্ৰেশ্বৰ দিহিঙ্গীয়াৰ

ডিজিটেল সংবাদ, যোৰহাটঃ সফলতাৰ বাবে বয়স যে কোনো বাধা নহয় তাৰেই প্ৰমাণ কৰিছে ৯৫ বছৰ উৰ্ধৰ পুৰুষ শাখাত ১০০ মিটাৰ দৌৰি সোণৰ পদক অৰ্জন কৰা মৰাণৰ ইন্দ্ৰেশ্বৰ দিহিঙ্গীয়াই। যোৰহাটত বুধবাৰৰ পৰা অসম মাষ্টাৰ্ছ এথলেটিকছ এছ'চিয়েচনৰ উদ্যোগত যোৰহাট জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ আতিথ্যত প্ৰথমবাৰৰ বাবে যোৰহাট ষ্টেডিয়ামত চাৰিদিনীয়াকৈ চলি থকা আন্তঃজিলা ২৯ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথেলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ প্ৰতিযোগিতাখনে শুকুৰবাৰে তৃতীয় দিনত ভৰি দিয়ে।

প্ৰতিযোগিতাখনিৰ কাৰ্যসূচী অনুসৰি আজি অনুষ্ঠিত হয় কেইবাখনো প্ৰতিযোগিতা। তাৰে ভিতৰত পুৰুষৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৮০ বছৰ উৰ্ধত মৰাণৰ হৰেণ বৰগোহাঁই, ৮৫ বছৰ উৰ্ধত নাজিৰাৰ ভদ্ৰেশ্বৰ ফুকনে, ৯০ বছৰ উৰ্ধত চিলাপথাৰৰ ভূৱন ফুকন আৰু ৯৫ বছৰ উৰ্ধত মৰাণৰ ইন্দ্ৰেশ্বৰ দিহিঙ্গীয়াই সোণৰ পদক অৰ্জন কৰে।

ইফালে পুৰুষৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৩৫ বছৰ উৰ্ধত ডিব্ৰুগড়ৰ শ্যাম অমাষ্ট, ৪০ বছৰ উৰ্ধত চৰাইদেউৰ ৰাজীৱ বৰগোহাঁই, ৪৫ বছৰ উৰ্ধত ডিব্ৰুগড়ৰ পাৰ্থপ্ৰতিম দত্ত, ৫০ বছৰ উৰ্ধত বঙাইগাঁওৰ কান্তি চন্দ্ৰ নাথ আৰু ৫৬ বছৰ উৰ্ধত ডিব্ৰুগড়ৰ দেবানুন বৰুৱাই সোণৰ পদক অৰ্জন কৰিছে।

আনহাতে মহিলাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৩৫ বছৰ উৰ্ধত মৰাণৰ চাফিয়া বেগম, ৪০ বছৰ উৰ্ধত ডিগবৈৰ বীণাপাণি দেৱী, ৪৫ বছৰ উৰ্ধত কামৰূপ মেট্ৰোৰ অনিমা সোণোৱাল, ৫০ বছৰ উৰ্ধত লক্ষীমপুৰৰ ববী শইকীয়া, ৫৫ বছৰ উৰ্ধত টেঙাখাটৰ ইন্দিৰা লাহন, ৬০ বছৰ উৰ্ধত চিৰাঙৰ বিলাসী কুমচিং, ৬৫ বছৰ উৰ্ধত নাহৰকটীয়াৰ অৰুনা গগৈ, ৭০ বছৰ উৰ্ধত ডিব্ৰুগড়ৰ হিৰদা দত্ত, ৭৫ বছৰ উৰ্ধত চিলাপথাৰৰ সকুন্তলা পেগু আৰু ৮০ বছৰ উৰ্ধত শিৱসাগৰৰ ৰূপাদা বুঢ়াগোহাঁইয়ে সোণৰ পদক অৰ্জন কৰে।

ইয়াৰ উপৰিও মহিলাৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৩৫ বছৰ উৰ্ধত মৰাণৰ ৰূপালী টিৰিয়া, ৪০ বছৰ উৰ্ধত মৰাণৰ বালামবাণী হনুমান, ৪৫ বছৰ উৰ্ধত বঙাইগাঁওৰ ধনেশ্বৰী ৰায়, ৫০ বছৰ উৰ্ধত যোৰহাটৰ লিলি ভূঞা আৰু ৫৫ বছৰ উৰ্ধত মৰিগাঁৱৰ মিনা বৰদলৈয়ে সোণৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ জেভলিন প্ৰতিযোগিতাত ৩৫, ৪০, ৪৫, ৫০ আৰু ৫৫ বছৰ উৰ্ধৰ শাখাত ক্ৰমে কোকৰাঝাৰৰ খনিবালা বসুমতাৰী, টিংখাঙৰ নিজৰা বৰুৱা, কাৰ্বি আংলঙৰ নিৰু দেৱী, কামৰূপৰ জয়মতী দৈমাৰী আৰু কাৰ্বি আংলঙৰ কোমালা বসুমতাৰীয়ে সোণৰ পদক অৰ্জন কৰিছে।

ইফালে মহিলাৰ ডিছকাছ্ থ্ৰ প্ৰতিযোগিতাত ৫০, ৫৫, ৬০, ৬৫, ৭০, ৭৫ আৰু ৮৫ বছৰ উৰ্ধৰ শাখাত ক্ৰমে কাৰ্বি আংলঙৰ প্ৰণতি হাজৰিকা, কোকৰাঝাৰৰ উৰমিলা বৰগয়াৰী, যোৰহাটৰ ৰঞ্জুমণি মিপুন, মৰাণৰ আৰতি সন্দিকৈ, মৰাণৰ দেৱৰাণী বৰপাত্ৰগোঁহাই, লক্ষীমপুৰৰ অনিমা গগৈ আৰু মৰাণৰ শিখা দত্তই সোণৰ পদক অৰ্জন কৰে। মহিলাৰ হাই জাম্প প্ৰতিযোগিতাত ৩৫, ৪০, ৪৫, ৫০, ৫৫, ৬০, ৬৫ আৰু ৭০ বছৰ উৰ্ধৰ শাখাত ক্ৰমে মৰাণৰ চফিয়া বেগম, টিংখাঙৰ ভাৰতী দেৱান, কামৰূপৰ অনিমা সোণোৱাল, চাউথ কামৰূপৰ ৰশ্মিৰেখা ৰাভা, বোকাখাটৰ ৰূপা দত্ত বৰুৱা, মৰাণৰ ৰঞ্জু দেৱী, শোণিতপুৰৰ অনু দেৱী মহন্ত আৰু কলিয়াবৰৰ মিনু শইকীয়াই সোণৰ পদক অৰ্জন কৰে।

আনহাতে পুৰুষৰ হামাৰ থ্ৰ প্ৰতিযোগিতাত ৯৫ বছৰ উৰ্ধৰ শাখাত বোকাখাটৰ উপেন বৰুৱাই সোণৰ পদক অৰ্জন কৰাৰ লগতে মহিলাৰ ৮০ বছৰ উৰ্ধৰ শাখাত ডিব্ৰুগড়ৰ চম্পা গগৈয়ে সোণৰ পদক অৰ্জন কৰে।

১০০ মিটাৰ দৌৰি সোণৰ পদক অৰ্জন  ৯৫ বছৰ উৰ্ধৰ ইন্দ্ৰেশ্বৰ দিহিঙ্গীয়াৰ
আজিৰে পৰা আৰম্ভ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in