কাজিৰঙাত বিকল ছেনছৰ কেমেৰাঃ সাজু পৰিবহন বিভাগৰ এনফৰ্চমেণ্ট টীম...

কাজিৰঙাত বিকল ছেনছৰ কেমেৰাঃ সাজু পৰিবহন বিভাগৰ এনফৰ্চমেণ্ট টীম...
কাজিৰঙাত বিকল ছেনছৰ কেমেৰাঃ সাজু পৰিবহন বিভাগৰ এনফৰ্চমেণ্ট টীম...

ডিজিটেল সংবাদ কাজিৰঙাঃ সম্ভাব্য বান পৰিস্থিতিক লৈ এইবাৰ অধিক সষ্টম আৰু কঠোৰ হৈছে কাজিৰঙাৰ বন বিভাগ তথা প্ৰশাসন ৷ বানৰ সময়ত কাজিৰঙাৰ জীৱকুলৰ যাতে কোনোধৰণৰ অনিষ্ট নহয় তাৰ বাবে এতিয়াৰে পৰা সষ্টম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে গোলাঘাট জিলা পৰিৱহন বিভাগ ৷

পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যজন্তুৰ সুৰক্ষাৰ বাবে কাজিৰঙাৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছটা মুখ্য স্থানত ছেনছৰ কেমেৰা স্থাপন কৰিছিল ৷ যিবোৰ বৰ্তমান বিকল হৈ পৰিছে ৷

সেয়েহে যান বাহনৰ গতি ৰোধ কৰিবলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চোকা দৃষ্টি ৰাখিছে গোলাঘাট জিলা পৰিবহন বিভাগৰ এনফৰ্চমেণ্ট টিমে৷ কিয়নো এই সময়ছোৱাত প্ৰায়ে বন্যজন্তুসমূহ কাজিৰঙাৰ পৰা কাৰ্বি পাহাৰলৈ গতি কৰে আৰু সেই সময়তে দ্ৰুত বেগী বাহনৰ খুন্দাত আহত বা মৃত্যুমুখত পৰে ৷

ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগত কাজিৰঙাৰ মাজেৰে যোৱা পথছোৱা অতিক্ৰম কৰিলে বাহনৰ চালকে ভৰিৱ লাগিব দুইৰ পৰা চাৰি হাজাৰ টকা। সুদীৰ্ঘ পথছোৱা বন্যজন্তুৰ সুৰক্ষাৰ বাবে নিয়ম মানি চলিবলৈ আহ্বান এনফৰ্চমেণ্ট বিষয়াৰ।

কাজিৰঙাত বিকল ছেনছৰ কেমেৰাঃ সাজু পৰিবহন বিভাগৰ এনফৰ্চমেণ্ট টীম...
মনোজ কুমাৰ গোস্বামীলৈ 'প্ৰয়াত দয়াল কৃষ্ণ বৰা স্মাৰক ব্ৰহ্মপুত্ৰ উপত্যকা সমাজ হিতৈষী বঁটা'

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in