ৰহস্য! ১৪২ দিনৰ অন্তত জোনমনি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ ২টা মোবাইল ফোন

ৰহস্য! ১৪২ দিনৰ অন্তত জোনমনি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ ২টা মোবাইল ফোন

ডিজিটেল সংবাদ, কলিয়াবৰঃ এছ আই জোনমনি ৰাভাৰ দুৰ্ঘটনাস্থলীত চি বি আইৰ এটা দলে বুধবাৰে উপস্থিত হৈ পুনৰ তদন্ত আৰম্ভ কৰে। কলিয়াবৰৰ সৰুভগীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জোনমনি ৰাভাৰ দুৰ্ঘটনাস্থলীত এখন কন্টেইনাৰ আৰু আন এখন সৰু বাহন লৈ উপস্থিত হয় চি বি আই দলটো । চিবিআইৰ তদন্তকাৰী এটা ১২জনীয়া দলে বুধবাৰে পুনৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দীঘলীয়া সময়ৰ বাবে পৰীক্ষা নিৰীক্ষা কৰে।

উল্লেখ্য যে, বিগত ১৫ মে' ৰ পুৱতি নিশা জোনমনি ৰাভাৰ মৃত্যু হৈছিল। দুৰ্ঘটনাৰ বাবেই এই মৃত্যু হৈছিল নে পৰিকল্পিতভাৱে জোনমনিক হত্যা কৰা হৈছিল তাকলৈ চি বি আইৰ তদন্ত অব্যাহত আছে। যোৱা ১৫ মে’ৰ পুৱতি নিশা যি খন কন্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ এছপ্ৰেছ' বাহন। পুনৰ তেনে এখন কন্টেইনাৰ আৰু এছপ্ৰেছ' বাহন আনি দুৰ্ঘটনা সংঘটিত হোৱা স্থানত বুধবাৰে পুনৰ দুৰ্ঘটনাটো কেনেধৰণেৰে সংঘটিত হৈছিল তাকলৈ চি বি আই দলে দুৰ্ঘটনা পুনৰ নিৰ্মাণৰ ৰূপ দি পৰীক্ষা নিৰীক্ষা চলোৱা দেখা গৈছিল।

স্থানীয় আৰক্ষী প্ৰশাসনৰ সহযোগত চি বি আই দলে তদন্ত চলোৱাৰ পাছতে জখলাবন্ধা আৰক্ষী থানাত তদন্তকাৰী দলটো উপস্থিত হৈ জোনমনি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহন খনো তন্ন‌তন্নকৈ পৰীক্ষা কৰে। জোনমনি ৰাভাৰ বাহনখনৰ পৰা পুণৰ নমুনা সংগ্ৰহ কৰে দলটোৱে। ইতিমধ্যে জোনমণি ৰাভাৰ বাহনৰ পৰা ২টাকৈ মোবাইল উদ্ধাৰ হোৱা ঘটনাই বৰ্তমান সময়ত অধিক ৰহস্যৰ সৃষ্টি কৰিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আৰু তাৰ পাছত আৰক্ষী আৰু চি আই ডিৰ তদন্তকাৰী দলে বাৰম্বাৰ তদন্ত চলোৱাৰ সময়ত জোনমনি ৰাভাৰ হেৰুৱা মোবাইল ফোন ২টা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ইতিমধ্যে চি বি আই দলে ৫বাৰকৈ দুৰ্ঘটনা থলীত আৰু জোনমনি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহন খন তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা চলোৱা সময়তো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল হেৰোৱা মোবাইল ফোন ২টা।

বুধবাৰে ষষ্ঠ বাৰত দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পৰা হেৰুৱা মোবাইল ২টা উদ্ধাৰ কৰিবলৈ চি বি আই দলক ১৪২ দিন সময় কিয় প্ৰয়োজন হ'ল তাকলৈও স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। ইপিনে জোনমনি ৰাভাৰ মাতৃয়ে জোনমনি ৰাভাৰ হেৰুৱা মোবাইল ২টা বিচাৰি আৰক্ষীৰ ওচৰত বাৰম্বাৰ অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছিল।

ইফালে বুধবাৰে দুৰ্ঘটনা থলীত চিবিআই দলটোৰ লগত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ নিশা ঘটনাস্থলীত উপস্থিত হৈ জোনমণি ৰাভাক উদ্ধাৰ কৰা সহকাৰী আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰী উপস্থিত থাকে। লগতে এছপ্ৰেছ' বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাটোৰ এনে পৰীক্ষণে অসমবাসীয়ে হত‍্যাকাণ্ড বুলি সন্দেহ কৰা ঘটনাটোৰ তদন্তত কিদৰে প্ৰভাৱ পেলাই সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব।

অৱশ‍্যে, জোনমণি ৰাভাৰ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি হোৱা বিভিন্ন আলোচনা-সমালোচনাৰ প্ৰভাৱত চিআইডিৰ পৰা তদন্ততৰ ভাৰ চিবিআইক অৰ্পণ কৰিলেও তদন্তৰ গতি লেহেমীয়া হোৱা বুলি সৰ্বত্ৰে চৰ্চিত হৈছে। শেহতীয়াকৈ, অসম জাতীয় পৰিষদৰ সভাপতিয়েও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, 'বেটী বচাও, বেটী পঢ়াও' শ্ল'গান দি থকা চৰকাৰখনে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ সন্দেহজনক মৃত‍্যুৰ কাৰণ চাৰে চাৰি মাহে তদন্ত কৰিও উলিয়াব নোৱাৰটো চৰম পৰিতাপৰ বিষয়।

ৰহস্য! ১৪২ দিনৰ অন্তত জোনমনি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ ২টা মোবাইল ফোন
"ভূপেন বৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ব্যক্তিগত হিংসা আছে" -মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in