প্ৰয়াত জোনমণি ৰাভাৰ গোচৰত গ্ৰেপ্তাৰ ৰাণা পগাগ...

প্ৰয়াত জোনমণি ৰাভাৰ গোচৰত গ্ৰেপ্তাৰ ৰাণা পগাগ...

ডিজিটেল সংবাদ, নগাঁওঃ পুনৰ প্ৰয়াত অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভা বাতৰিৰ শিৰোনামত। জোনমণিৰ প্ৰাক্তন প্ৰেমিক ৰানা পগাগক গ্ৰেপ্তাৰ। ৰানা পগাগক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নগাঁও আদালতত হাজিৰ কৰিছে।

জানিব পৰা মতে প্ৰয়াত জোনমনিৰ এক গোচৰৰ ভিত্তিত ৰানা পগাগক গ্ৰেপ্তাৰ কৰা হৈছে। নগাঁও আদালতৰ পি আৰ চি ৬৭০/২০২৩ নম্বৰৰ বিচাৰধীন গোচৰটোৰ অভিয়ুক্ত ৰানা পগাগে আদালতক সহযোগ নকৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।

প্ৰণিধানযোগ্য যে পূৰ্বেও প্ৰয়াত জোনমনি ৰাভাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়াৰ আলমত বিভিন্ন দুষ্কাৰ্যত লিপ্ত হোৱাত পগাগক গ্ৰেপ্তাৰ কৰা হৈছিল। মৃত্যুৰ পূৰ্বে জোনমনি ৰাভাইও পগাগৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি থৈ গৈছিল। মঙলবাৰে সেই এজাহাৰ ভিত্তিতে পুনৰ পগাগক আৰক্ষীয়ে আটক কৰে।

মঙলবাৰে নিশা ৰানাক মাজুলীত গ্ৰেপ্তাৰ কৰি বুধবাৰে নগাঁও আদালতত হাজিৰ কৰে। আদালতক অবমাননা কৰা ৰানাক আদালতে নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

প্ৰয়াত জোনমণি ৰাভাৰ গোচৰত গ্ৰেপ্তাৰ ৰাণা পগাগ...
বাদশ্বাহ শ্বাহৰুখ খানক হাস্পতালত ভৰ্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in