/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fe1b3fbb-418b-4951-b897-3750b8822b5f/news18_bl_zb_2024_05_cb1dfdc56d2d610655240ed6a88b3eba.avif)
ডিজিটেল ডেস্ক : বলিউদৰ বাদশ্বাহ তথা জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানক বুধবাৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অকাস্মাতে দুৰ্বল অনুভৱ কৰাত অভিনেতাগৰাকীক আহমেদাবাদৰ কে ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলা চিকিৎসাৰ অন্তত তেঁওৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে। লগতে আজি বিয়লিৰ ভাগতে হাস্পতালৰ পৰা অভিনেতাগৰাকীক আহিবলৈ অনুমতি দিয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অভিনেতা শ্বাহৰুখ খানক ডিহাইড্ৰেচনৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সম্প্ৰতি তেঁও সুস্থ। সেয়েহে অভিনেতাগৰাকীক হাস্পতালৰ পৰা আহিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে বুলি এক সূত্ৰত জানিব পৰা গৈছে।