নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ গুণ্ডামিৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ...

নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ গুণ্ডামিৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ...
নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ গুণ্ডামিৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ আয়ুক্তৰ বিৰুদ্ধে নগাঁৱৰ সাংবাদিকৰ প্ৰতিবাদ ৷ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কাৰ্য়ালয়ৰ কোঠাত সংবাদকৰ্মী দীপাংকৰ মেধিক কৰা প্ৰহাৰৰ প্ৰতিবাদতবহে সাংবাদিক ৷

শুকুৰবাৰে বিয়লি প্ৰায় দুই বজাত কাৰ্যালয়ৰ কোঠাত দীপাংকৰ মেধিক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে ৷ ছয় মাহ ধৰি আয়ুক্ত কাৰ্যালয়ত এটি চৰকাৰী ফাইলে অগ্ৰগতি লাভ নকৰাত সংবাদকৰ্মী দীপাংকৰ মেধিয়ে কৰা প্ৰশ্নই বিপদত পেলালে ৷

আয়ুক্তই সংবাদকৰ্মী মেধিক প্ৰহাৰ কৰাৰ লগতে সেই সময়ত তেওঁৰ লগত থকা কেমেৰা আদি কাঢ়ি ৰাখে ৷ সিমানে নহয় নগাঁৱৰ আৰক্ষী অধীক্ষক নবনীত মহন্তৰ দেহৰক্ষী মতোৱাই আনি আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে নিজৰ কোঠাত আবদ্ধ কৰি ৰখা দীপাংকৰ মেধিক চোচৰাই নিবলৈ নিৰ্দেশ দিয়ে ৷

সেই মৰ্মে আৰক্ষী অধীক্ষকৰ দেহৰক্ষীৰ দলে আয়ুক্তৰ কোঠাৰ পৰা মেধীক চোচৰাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ যায় ৷ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে দীপাংকৰ মেধিক প্ৰহাৰ কৰাতে শান্ত নাথাকি মাজনিশালৈকে নগাঁও সদৰ থানাত আবদ্ধ কৰি ৰাখে ৷

সংবাদকৰ্মীৰ ওপৰত আক্ৰমন চলাই আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আৰক্ষীক ব্যৱহাৰ কৰি দীপাংকৰ মেধিক আবদ্ধ কৰাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হোৱাত নিশা দীপাংকৰ মেধিক নগাঁও সদৰ থানাৰ পৰা মুক্তি দিয়া হয় ৷

নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ এই গুণ্ডাগীৰিৰ প্ৰতিবাদত নগাঁও প্ৰেছ ক্লাবে শনিবাৰে দিনৰ ১১ বজাৰ পৰা অৱস্হান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে ৷

নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ গুণ্ডামিৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ...
বালিজানৰ কুঁৱলীত হেৰাল লিডুৰ কয়লাৰ ক'লা কাহিনী !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in