ধিক্কাৰ! প্ৰশ্ন কৰাৰ বাবে সাংবাদিকক আক্ৰমণ নগাঁও জিলা আয়ুক্তৰ

জিলা উপায়ুক্তৰ বিৰুদ্ধে উত্থাপন হৈছে সাংবাদিক আক্ৰমণৰ ভয়ংকৰ অভিযোগ। নগাঁৱত সংঘটিত হৈছে এই ঘটনা।

author-image
Asomiya Pratidin
New Update
ধিক্কাৰ! প্ৰশ্ন কৰাৰ বাবে সাংবাদিকক আক্ৰমণ নগাঁও জিলা আয়ুক্তৰ

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা। এইবাৰ জিলা উপায়ুক্তৰ বিৰুদ্ধে উত্থাপন হৈছে সাংবাদিক আক্ৰমণৰ ভয়ংকৰ অভিযোগ। নগাঁৱত সংঘটিত হৈছে এই ঘটনা।

Advertisment

নগাওঁ জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ আমোলাগিৰীৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ। ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক দীপাংকৰ মেধিক উপায়ুক্তই কাৰ্যালয়ৰ ভিতৰতে CCTV বন্ধ কৰি প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনা সন্দৰ্ভত এক ভিডিঅ' ভাইৰেল হৈছে য'ত দেখিবলৈ পোৱা গৈছে যে আৰক্ষী অধীক্ষকৰ দেহৰক্ষীয়ে সাংবাদিকজনক চোচৰাই লৈ গৈছে। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে এগৰাকী ভুক্তভোগী মহিলাৰ হৈ মাত মাতিবলৈ গৈ আয়ুক্তক প্ৰশ্ন কৰিছিল দীপাংকৰে। সাংবাদিকগৰাকীয়ে পেঞ্চন অনাদায় সম্পৰ্কত উপায়ুক্তগৰাকীক প্ৰশ্ন কৰাৰ বাবে প্ৰথমে কাৰ্যালয়ৰ ভিতৰতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে আৰু পাছত থানালৈ চোচৰাই নিয়ে।

এই সাংবাদিকগৰাকীৰ মুক্তিৰ দাবী কৰিছে বিভিন্নজনে। ছ'চিয়েল মিডিয়াত ইয়াক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু ঘটনাৰ উচিচ তদন্ত বিচাৰিছে।

Also Read: এচিভাৰ এৱাৰ্ডছ ২০২৩ঃ কেইবাগৰাকী বৰেণ্য ব্যক্তিলৈ বিশেষ সন্মান

Assam police