নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত উত্তেজনা : আয়ুক্তই গতিয়ালে সংবাদ কৰ্মীক !

নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত উত্তেজনা : আয়ুক্তই গতিয়ালে সংবাদ কৰ্মীক !

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ আয়ুক্তৰে সংবাদকৰ্মীৰ সংঘাত ৷ নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে সংবাদকৰ্মীক আক্ৰমন কৰাৰ অভিযোগ ৷ দীপাংকৰ মেধি নামৰ সংবাদ কৰ্মী এজনক আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কোঠাতে গতা মৰাৰ অভিযোগ সংবাদকৰ্মীৰ ৷ লগতে আয়ুক্তই গাৰ কোট খুলি দলিয়াই দিয়াৰ দৰে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ আনকি সংবাদ কৰ্মী মেধিক আৰক্ষীয়ে আয়ুক্ত কাৰ্যালয় চৌহদৰ পৰা টানি আজুৰি লৈ যোৱাৰ ঘটনা সংঘটিত হৈছে ৷

নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু সংবাদ কৰ্মী দীপাংকৰ মেধিৰ সংঘাতৰ ঘটনাই তোলপাৰ লগাই উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ ৷ বিয়লি প্ৰায় দুই বজাত দীপাংকৰ মেধিয়ে নিজকে সংবাদকৰ্মী হিচাপে পৰিচয় দি আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সাক্ষাতৰ অনুমতি বিছাৰে ৷ আয়ুক্তৰ পৰা এগৰাকী মহিলাৰ এবছৰে পৰি থকা এটা ফাইলৰ বাবে সহায় বিছাৰে সংবাদকৰ্মীজনে ৷

আয়ুক্তই বিষয়টোত পৰ্যবেক্ষন কৰিব বুলি আশ্বাস দিয়াৰ পিছত সংবাদ কৰ্মীজনে আয়ুক্তক কামটো সোনকালে কৰি দিবলৈ হেঁচা প্ৰদান কৰে ৷ এই ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ৷ একে দৰে আয়ুক্ত শ্বাহে সংবাদকৰ্মী জনক “বাবা “ বুলি সম্বোধন কৰাক লৈ সংবাদকৰ্মী মেধি অসন্তুষ্ট পৰা বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে দীপাংকৰ মেধিয়ে নিজৰ সংবাদ প্ৰতিষ্ঠানৰ বাবে প্ৰায় সাত মিনিট দৈঘ্যৰ এটি বাইট আয়ুক্তৰ পৰা লোৱাৰ পিছতে আয়ুক্তৰ কোঠাটোত উত্তেজনাৰ সৃষ্টি হয় ৷ পিছত আৰক্ষীয়ে কোঠাৰ পৰা সংবাদ কৰ্মীজনক বাহিৰ কৰি দিয়াৰ লগতে আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কাৰ্যালয়ৰ চৌহদৰ পৰা আতৰি যায় ৷

নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত উত্তেজনা : আয়ুক্তই গতিয়ালে সংবাদ কৰ্মীক !
ধন্যবাদ এই সময়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in