জোনমণি ৰাভাৰ মৃত্যুঃ মৰকলং আৰক্ষী চকীৰ কম্পিউটাৰ জব্দ চিবিআইৰ...

জোনমণি ৰাভাৰ মৃত্যুঃ মৰকলং আৰক্ষী চকীৰ কম্পিউটাৰ জব্দ চিবিআইৰ...

ডিজিটেল সংবাদ, নগাঁওঃ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰে নাম সাঙুৰ খাই পৰা বহু কেইজন আৰক্ষী বিষয়াক তলৱ কৰি জোৰদাৰ গতিত জেৰা চলাইছে চিবিআইয়ে । জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই অভিযোগ উত্থাপন কৰি নাম লোৱা বিষয়াসকলোকো চলাইছে জেৰা ।

উল্লেখ্য যে, চি বি আইয়ে জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাৰ সন্দৰ্ভত তেওঁৰ মাতৃ সুমিত্ৰা ৰাভাই জখলাবন্ধা আৰক্ষী থানাত ৰুজু কৰা গোচৰটোৰ সন্দৰ্ভত দেওবাৰে নগাঁৱলৈ সোধ-পোচৰ বাবে তলৱ কৰি জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভা আৰু জ্যেষ্ঠ ভ্ৰাতৃক সুদীৰ্ঘ সময় সোধ-পোচ কৰিছিল । সোধা-পোচাৰ অন্তত চিবিআইয়ে জোনমণিয়ে ব্যৱহাৰ কৰা চৰকাৰী আৱাসতো তালাচী চলাইছিল।

দেওবাৰে বিয়লি চি বি আইয়ে জেৰাৰ বাবে তলৱ কৰা নগাঁও সদৰ আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা আৰু ধিং আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ঈৰ্শ্বাদৰ উপৰিও নগাঁও সদৰ আৰক্ষী থানাৰ গাড়ী চালক কনিষ্টবল অনিল ভূঞাকো পৃথকে-পৃথকে মাৰাথন জেৰা চলাইছিল।

ইপিনে, সোমবাৰে পুৱা চি বি আইয়ে নগাঁও সদৰ আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা আৰু আৰক্ষীৰ গাড়ী চালক কনিষ্টবল অনিল ভূঞাক পুনৰ তলৱ কৰি নগাঁও আৱৰ্ত ভৱনত পৃথকে-পৃথকে সুদীৰ্ঘ সময় ধৰি জেৰা কৰে।

আজি চি বি আই য়ে মৰিকলং আৰক্ষী চকীৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ বৰুৱাকো নগাঁও আৱৰ্ত ভৱনত সুদীৰ্ঘ সময় ধৰি জেৰা কৰে । আনকি চি বি আইয়ে আজি পুনৰ মৰিকলং আৰক্ষী চকীত অভিযান চলাই আৰক্ষী চকীৰ কম্পিউটাৰ জব্দ কৰে। উল্লেখ্য যে, জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই তেওঁৰ জীয়ৰী এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰা এজাহাৰ খনত সেই সময়ৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে, তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং, নগাঁও সদৰ আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশী,হয়বৰগাঁও আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভা জ্যোতি ৰাভা আৰু সেই সময়ৰ ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ঈৰ্শ্বাদৰো নাম সন্নিৱিষ্ট কৰিছিল।

তাৰোপৰি, জোনমণিৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰিছিল সেই সময়ৰ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপজ্যোতি কলিতাৰ নামো। বিভিন্ন মাধ্যমৰ আগত জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই মনোজ ৰাজবংশী আৰু আভাজ্যোতি ৰাভাৰ বিৰুদ্ধেও কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰি সৰৱ হৈ আহিছে।

সেই মৰ্মেই চি বি আইয়ে নগাঁও সদৰ আৰক্ষী থানাৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশী আৰু সেই সময়ৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক বাৰম্বাৰ জেৰা অব্যাহত ৰাখিছে। ইপিনে,গাড়ী চালক কনিষ্টবল অনিল ভূঞাক তেওঁ আৰু এজন সাংবাদিকৰ মাজৰ কথোপকথনৰ যি অডিঅ' ভাইৰেল হৈছিল তাত তেওঁ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত কৰা কেতবোৰ বিস্ফোৰক মন্তব্যৰ বাবে তাৰ সত্য উদ্ঘাটন কৰিবলৈ বাৰম্বাৰ জেৰা অব্যাহত ৰাখিছে।

আনহাতে, মৰিকলং আৰক্ষী চকীৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ বৰুৱাক কি কাৰণে চি বি আইয়ে আজি জেৰা কৰিলে সেই সন্দৰ্ভত চিবিআইয়ে কোনো তথ্য প্ৰকাশ কৰা নাই । জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত তদন্তকাৰী চি বি আই দলটোৱে নগাঁৱলৈ তলৱ কৰি অচিৰেই ইয়াতেই জেৰা কৰিব নগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে, তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং, তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপজ্যোতি কলিতাক।

জোনমণি ৰাভাৰ মৃত্যুঃ মৰকলং আৰক্ষী চকীৰ কম্পিউটাৰ জব্দ চিবিআইৰ...
শিৱসাগৰত দম্পতীক প্ৰহাৰঃ গ্ৰেপ্তাৰ অভিযুক্ত বিজেপি কৰ্মী অংশুমান বৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in