Advertisment

চিত্ৰ নিৰ্মতা পাৰ্থজিৎ বৰুৱা,শিল্পী লক্ষ্যজিত বৰা আৰু মঞ্জুমনি কোঁৱৰলৈ 'জোঙাল বলহু বঁটা'...

চিত্ৰ নিৰ্মতা পাৰ্থজিৎ বৰুৱা,শিল্পী লক্ষ্যজিত বৰা আৰু মঞ্জুমনি কোঁৱৰলৈ 'জোঙাল বলহু বঁটা'...

author-image
Asomiya Pratidin
New Update
চিত্ৰ নিৰ্মতা পাৰ্থজিৎ বৰুৱা,শিল্পী লক্ষ্যজিত বৰা আৰু মঞ্জুমনি কোঁৱৰলৈ 'জোঙাল বলহু বঁটা'...

চিত্ৰ নিৰ্মতা পাৰ্থজিৎ বৰুৱা,শিল্পী লক্ষ্যজিত বৰা আৰু মঞ্জুমনি কোঁৱৰলৈ 'জোঙাল বলহু বঁটা'...

ডিজিটেল সংবাদ কামপুৰঃ মধ্য অসমৰ কঠীয়াতলীত আজি তিৱা সকলৰ শৌৰ্য-বীৰ্য্যৰ প্ৰতীক বীৰ জোঙাল বলহুৰ স্মৃতি দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উপবৰ তিৱা গাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত উদযাপন কৰা হয় । নগাঁও জিলাৰ জোঙাল বলহু দিৱস উদযাপন সমিতি (এধক) উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত পুৱা পাতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ পাটৰে।

Advertisment

ইয়াৰ পিছতে স্মৃতি তৰ্পন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰ বৰদলৈয়ে।পুৱা ৯ বজাত প্ৰতিনিধি সভাৰ দ্বাৰ মুকলি কৰে উপবৰ তিৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী কৃষ্ণা বৰদলৈয়ে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তুৰ তিৱা লোকসকলে অংশ লোৱা এই প্ৰতিনিধি সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰে।

বিয়লি শৰৎ চন্দ্ৰ পাটৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনৰ আঁত ধৰে উদযাপন সমিতিৰ সম্পাদক প্ৰবিত্ৰ লাডুয়ে।এই সভাখনতে "লাফ্লি"নামৰ ছবি প্ৰত্ৰিকাখন উন্মোচন কৰা কৰা হয়। সভাখনত তিৱা ভাষা, সংস্কৃতিক, সামাজিক দিশত বিভিন্ন সময়ত বৰঙনি আগবঢ়াই অহা কেইগৰাকীও স্থানীয় আৰু আমন্ত্ৰিত লোকক সম্বৰ্ধনা জনোৱাৰ লগতে "নেলিৰ কথা "নামৰ চলচিত্ৰখনৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱা, বৰ'কলা আৰু কঠীয়াতলী উপবৰ তিৱাগাঁৱত জোঙালবলহু প্ৰতিমূৰ্তি নিৰ্মাতা তথা শিল্পী লক্ষ্যজিত বৰা আৰু কণ্ঠশিল্পী মঞ্জুমনি কোঁৱৰলৈ 'জোঙাল বলহু বঁটা' প্ৰদান কৰে।

তিৱা নৃত্য -গীতৰে সমৃদ্ধ সভাখনত উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, বিশিষ্ট ব্যৱসায়ী মনোৰঞ্জন বৰদলৈ, ধিং মহাবিদ্যালয়ৰ অধ্যাপক ৰঞ্জিত বৰদলৈ, নগাঁও জিলাৰ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক দীপক মাদুৰ আদি।

Also Read: ৫ দিন হ'ল চিচিবৰগাঁৱৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটঃ জিলা আয়ুক্তক নিৰপেক্ষ ভূমিকা লোৱাৰ আহবান...

জোঙাল বলহু কঠীয়াতলী