৫ দিন হ'ল চিচিবৰগাঁৱৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটঃ জিলা আয়ুক্তক নিৰপেক্ষ ভূমিকা লোৱাৰ আহবান...

৫ দিন হ'ল চিচিবৰগাঁৱৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটঃ জিলা আয়ুক্তক নিৰপেক্ষ ভূমিকা লোৱাৰ আহবান...

ডিজিটেল সংবাদ ধেমাজিঃ নতুনকৈ ঘোষণা কৰা চিচিবৰগাঁও উপ-জিলাৰ কাৰ্য্যালয়সমূহ চিচিবৰগাঁৱতে স্থাপন কৰাৰ দাবীত বুধবাৰে পুৱাৰেপৰা চিচিবৰগাঁও ব্যৱসায়ী সন্থাই স্বতঃস্ফূৰ্তভাৱে চিচিবৰগাঁও অঞ্চলটোত সম্পূৰ্ণৰূপে দোকান-পোহাৰ বন্ধ কৰি ৰাখি প্ৰতিবাদ অব্যাহত ৰাখে ৷ উল্লেখ্য যে, নতুন সমষ্টিটোৰ শতাধিক ৰাইজৰ লগতে অঞ্চলৰ ব্যৱসায়ীসকলে বিগত পাঁচদিন ধৰি চলি থকা অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷

সদ্য-ঘোষিত চিচিবৰগাঁও উপ-জিলাৰ কাৰ্যালয়সমূহ চিচিবৰগাঁৱতে স্থাপন নকৰি চৰকাৰী নিৰ্দেশনাৰ বিপৰীতে গৈ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে সমষ্টিৰ শেষ সীমা চিলাপথাৰত স্থাপন কৰাৰ কু-চক্ৰান্তৰ গুৰুতৰ অভিযোগ ৰাইজে উথাপন কৰিছে। সেই লৈ উত্তেজিত হৈ পৰা চিচিবৰগাঁও সমষ্টিবাসীয়ে যোৱা ৩০ ডিচেম্বৰৰ পৰা চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত গ্ৰহণ কৰিছে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী।

বুধবাৰৰলৈকে এই ধৰ্মঘটে পঞ্চম দিনত ভৰি দিলে। ইতিমধ্যে উপ-জিলা কাৰ্য্যালয় দাবী সমিতি, জোনাই জিলা চুতীয়া সন্মিলনী, চিচিবৰগাঁও জ্যেষ্ঠ নাগৰিক সংস্থা আদি বিভিন্ন সংগঠনে প্ৰতিদিনে পৃথকে পৃথকে তেওঁলোকৰ দাবীৰ সমৰ্থনত জিলা আয়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে যদিও চৰকাৰ তথা জিলা প্ৰশাসনে কোনো ভূক্ষেপেই কৰা নাই ৷

পুনৰ আজিও চিচিবৰগাঁও ব্যৱসায়ী সন্থাই এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী তথা জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে। এই ধৰ্মঘট কাৰ্যসূচীত বুধবাৰে জোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণিৰাম টায়েঙৰ লগতে অঞ্চলটোৰ বহু কেইগৰাকী গণ্যমান্য বক্তিয়ে অংশগ্ৰহণ কৰি উপ-জিলা কাৰ্য্যালয় চিচিবৰগাঁৱতে স্থাপন কৰাৰ বাবে অসম চৰকাৰ আৰু ধেমাজি জিলা আয়ুক্তগৰাকীক দাবী জনাইছে ৷

উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাই জিলা আয়ুক্তগৰাকী কোনো ৰাজনৈতিক পাকচক্ৰত নপৰি নিৰপেক্ষভাৱে সমষ্টিটোৰ মুখ্য স্থান অথবা চিচিবৰগাঁও সদৰতে কাৰ্য্যালয়সমূহ স্থাপনৰ ব্যৱস্থা কৰিবলৈ প্ৰতিবাদকাৰীসকলে অনুৰোধ জনাইছে ৷ ইতিমধ্যে পাঁচ দিনলৈকে অব্যাহত ৰখা অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্য্যসূচী ৰাইজে শান্তিপূৰ্ণভাৱে কৰি অহাৰ পিছতো চৰকাৰ তথা জিলা প্ৰশাসনে কৰ্ণপাত নকৰিলে অনাগত দিনত জংগী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সকীয়নী দিছে প্ৰতিবাদকাৰীসকলে ।

৫ দিন হ'ল চিচিবৰগাঁৱৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটঃ জিলা আয়ুক্তক নিৰপেক্ষ ভূমিকা লোৱাৰ আহবান...
কঠীয়াতলীত বীৰ জোঙাল বলহু দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in