/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5004efa5-c8aa-4d1b-847f-a1df68bbc22d/Rtttttt.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ "পণ্ডিত জোনাৰাম বৰা আছিল এগৰাকী শিক্ষাদূত । নগাঁও জিলাৰ বহুসংখ্যক শিক্ষানুষ্ঠানক তেওঁ প্ৰাণৱন্ত কৰি তুলিছিল। শিক্ষা আন্দোলনৰ দক্ষ সেনানীগৰাকী অসম অসামৰিক সেৱাৰ এগৰাকী বিষয়া হোৱাৰ পিছতো চাকৰি এৰি থৈ আহি মাধ্যমিক শিক্ষাৰ বিস্তাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি সমাজ পোহৰাই তুলিছিল ।" শনিবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ২ নং গেদাৰবড়ি গাঁৱত শিক্ষাবিদ জোনাৰাম বৰাৰ আবক্ষমূৰ্তি উন্মোচন কৰি এই মন্তব্য প্ৰদান কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা সুবক্তা মোহিনী মোহন ডেকাই।
প্ৰবন্ধকাৰগৰাকীয়ে কয় যে, 'পূব হাতীচোং অঞ্চলৰ আইনৰ প্ৰথম গৰাকী স্নাতক জোনাৰাম বৰাই গাঁঠিৰ ধন ভাঙি বিভিন্ন সামাজিক অনুষ্ঠান গঢ় দি সমন্বয় গঢ়ি তুলিছিল। এনে এগৰাকী দূৰদৰ্শী ব্যক্তিৰ স্মৃতিচাৰণ কৰাটো আমাৰ বাবে পৰম সৌভাগ্যৰ বিষয়।'
উল্লেখ্য যে, ১৯৪৪ চনৰ ১৩ এপ্ৰিলত গেদাৰবড়ি গাঁৱত জন্মগ্ৰহণ কৰা শিক্ষাবিদ জোনাৰাম বৰা এগৰাকী বিদ্বান লোক আছিল । বিগত বৰ্ষৰ ১৬ জুলাইত ৭৮ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা জোনাৰাম বৰাই বহু কেইখন হাইস্কুল প্ৰতিষ্ঠা কৰি বেতন নোলোৱাকৈয়ে শিক্ষাদান কৰি শেষত ডিমৰুগুৰি হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। আনহাতে তেওঁক কোনো লোকে উৎকোচ যচাৰ বাবেই ত্যাগ কৰি আহিছিল অসম অসামৰিক বিষয়াৰ পদ।
এইগৰাকী সমাজমুখী চিন্তাৰ অধিকাৰীক শনিবাৰে ৰাজহুৱাভাবে স্মৰণ কৰা হয় তেখেতৰ ওপজা ভূমি ২ নং গেদাৰবড়িত। আবক্ষমূৰ্তি উন্মোচনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয় । সাংস্কৃতিক সংগঠক দিপাংক শইকীয়াই আঁত ধৰা এই শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত অধ্যাপক মোহিনী মোহন ডেকাই বন্তি প্ৰজ্বলন কৰাৰ বিপৰীতে ধূপ প্ৰজ্বলন কৰে শিক্ষাবিদ জোনাৰাম বৰাৰ সহধৰ্মিণী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হেমলতা বৰদলৈয়ে। এই অনুষ্ঠানতেই প্ৰয়াত শিক্ষাবিদগৰাকীৰ জীৱন আৰু কৃতী সম্পৰ্কে আলোকপাত কৰে ক্ৰমে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ বৰদলৈ, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল ৰাজখোৱা আদিকে ধৰি বিভিন্নজনে।
গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত লেখক-সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা সান্ত্বনা বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পাৰুল মেধি শইকীয়া, লোকশিল্পী ভদ্ৰ বৰা, শিক্ষক শ্ৰীমন্ত ডেকা, অৱসৰপ্ৰাপ্ত সৈনিক প্ৰফুল্ল বৰদলৈ, সক্ৰিয় ৰাজহুৱাকৰ্মী লোহিত ডেকা, নিকুঞ্জ সূত, শিৱ ভূঞা, ললিত বৰা, প্ৰভাত ৰাজখোৱাৰ লগতে সৰবৰহী মহিলা মল্লিকা বৰা, বিচিত্ৰা বৰা আৰু তিলো বৰাও উপস্থিত থাকে ।
Also Read: নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্যঃ সালসলনি হ'ব মন্ত্ৰীসভাৰ...