পুত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে অসমবাসীৰ ওচৰত আৰ্থিক সহায় ভিক্ষা দুৰ্ভগীয়া পৰিয়ালৰ

নগাঁৱৰ কলিয়াবৰত এক বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত আছে তিতাবৰ শান্তিপুৰৰ জ'না হাজৰিকা নামৰ এজন যুৱক ।
পুত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে অসমবাসীৰ ওচৰত আৰ্থিক সহায় ভিক্ষা দুৰ্ভগীয়া পৰিয়ালৰ

ডিজিটেল সংবাদ, বেকাজানঃ নগাঁৱৰ কলিয়াবৰত এক বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত আছে তিতাবৰ শান্তিপুৰৰ জ'না হাজৰিকা নামৰ এজন যুৱক । এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত জ'না হাজৰিকাই কলিয়াবৰত কোম্পানীটোৰ এখন সভাত অংশগ্ৰহণ কৰি তেজপুৰলৈ গৈ থকা অৱস্থাতে এখন তীব্ৰ বেগী বাহনে মহতিয়াই লৈ যায়।

ফলত যুৱকজন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মূৰত গুৰুতৰ আঘাত পায় । তদুপৰি ‌ বুকুৰ কামিহাড় আৰু কঁকাল ভাগি যায় । উল্লেখযোগ্য যে তিতাবৰৰ অতি দৰিদ্ৰ পৰিয়ালটোৰ এক মাত্ৰ উপাৰ্জনকাৰী জনা হাজৰিকা সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICU ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে । চিকিৎসকে জানিবলৈ দিয়া অনুসৰি যদি যুৱকজনৰ মূৰত ৮০% তেজ জমা হৈ আছে আৰু শীঘ্ৰেই অস্ত্ৰোপচাৰ নকৰিলে যুৱকজন বচোৱাটো অসম্ভৱ হৈ পৰিব ।

ইফালে জ'না হাজৰিকাৰ পিতৃ প্ৰবীণ হাজৰিকাই তিতাবৰ শান্তিপূৰৰ এটা গীৰ্জাঘৰৰ পাষ্টৰ হিচাপে কাম কৰা পৰিয়ালটো আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে চিকিৎসা আৰু অস্ত্ৰোপচাৰ খৰচ বহন কৰিবলৈ সক্ষম নহয়। ফলত দুৰ্ভগীয়া পৰিয়ালটো পুত্ৰৰ চিকিৎসা ব্যয়ক লৈ তীব্ৰ বিপাঙত পৰিছে । সেয়ে পুত্ৰৰ চিকিৎসাৰ আৰ্থিক সাহায্য বিচাৰি অসমৰ ৰাইজলৈ আহবান জনাইছে । কোনো ব্যক্তিয়ে সহায় কৰিব খুজিলে তলৰ একাউণ্টত সাহাৰ্য আগবঢ়াব পাৰিব।

বেংক একাউন্ট- ৫০২১০০০২২২০২৭৬

আই এফ এছ চি- BDBL0001383

ব্ৰাঞ্চ- বৰেৰা গাঁও, পোষ্ট অফিচ-তিতাবৰ

জি পে- ৭৯৮৯৪৪৭০৯৩

পুত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে অসমবাসীৰ ওচৰত আৰ্থিক সহায় ভিক্ষা দুৰ্ভগীয়া পৰিয়ালৰ
ৰাজ্যসভাত লাভলীনা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in