ৰাজ্যসভাত লাভলীনা !

ৰাজ্যসভাত লাভলীনা !

ডিজিটেল ডেস্কঃ এতিয়া চাৰিওফালে চৰ্চা অসম কন্যা লাভলীনা বৰগোহাঁইৰ কথা। এখন সৰু গাঁৱৰ পৰা লাভলীনাই বিশ্বত সুখ্যাতি অৰ্জন কৰাৰ যাত্ৰাই সকলোকে অনুপ্ৰেৰণা দিয়ে। এতিয়া এক অনুপ্ৰেৰণাৰ নাম লাভলীনা।

মহিলা বিশ্ব বক্সিং ছেম্পিয়নশ্বিপত অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বিক হৰুৱাই স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল লাভলীনা। ভাৰতৰ পৰা মুঠ ৪ গৰাকী বক্সাৰে কেইবাটাও শাখাত পদক লাভ কৰি দেশৰ বাবে সুনাম কঢ়িয়াই আনে।

এইবাৰ লাভলীনাৰ নাম উচ্চাৰিত হ'ল ৰাজ্যসভাত। ভাষণ প্ৰদান কৰি ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে ৪ মহিলা বক্সাৰৰ প্ৰশংসা কৰে। তেওঁ কয় যে,'' এয়া আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত। আমাৰ মহিলা বক্সাৰ সকলে বিশ্ব মহিলা বক্সিং ছেম্পিয়নশ্বিপত ৪ টাকৈ স্বৰ্ণ অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনে। নিখট জাৰিন, লাভলীনা বৰগোহাঁই, নিতু গনঘচ আৰু চুইটা বৰালৈ আমাৰ শুভকামনা। তেওঁলোকৰ উৎকৃষ্ট সাফল্যই ভাৰতৰ ভৱিষ্যতক উচ্চতালৈ লৈ যাব, যুৱ উচ্চাকাংক্ষী খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাব'' ।

ৰাজ্যসভাৰ অধ্যক্ষৰ ভাষণৰ লগে লগে সকলোৱে হাত চাপৰি মাৰি আনন্দ প্ৰকাশ কৰা দেখা যায়। 'নাৰী শক্তি জিন্দাবাদ' ধ্বনিৰে গুজৰিত হৈ উঠে সদন। ইয়াৰোপৰি ধনখড়েও নাৰী শক্তিৰ কথা কৈ প্ৰশংসা কৰে।

এয়া দেশৰ বাবে, অসমৰ বাবে অতি গৌৰৱৰ কথা। বিশ্ব দৰবাৰত ভাৰতক প্ৰতিনিধিত্ব কৰা লাভলীনাৰ এই সফলতা ইতিহাসত সোণালী আখৰেৰে জিলিকি ৰ'ব। লাভলীনা প্ৰতি গৰাকী অসমীয়া, প্ৰতিগৰাকী দেশবাসীৰ গৌৰৱ...

ৰাজ্যসভাত লাভলীনা !
অগপ দলৰ অন্যতম প্ৰতিস্থাপক হৰেন গগৈৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in