/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/3592ffe3-d4ed-467f-80ca-801043f0b66f/263.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাট দৰঙ্গীয়াল গাঁৱৰ নিবাসী, একালৰ আদৰ্শ খেতিয়ক জিতুল চন্দ্ৰ বৰাৰ বুধবাৰে পুৱা নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ ৷
হৃদৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ঘৰতে চিকিৎসাধীন হৈ থকা জিতুল চন্দ্ৰ বৰাই ৰোগগ্ৰস্ত হোৱাৰ আগলৈকে কৃষি ক্ষেত্ৰখনত একাগ্ৰচিত্তে লাগি থাকি অঞ্চলটোৰ ভিতৰতে এজন আদৰ্শ খেতিয়কৰপে সকলোৰে মাজত পৰিচিত হৈছিল ৷ মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী ককায়েক, এজন ভাতৃসহ পৰিয়ালবৰ্গক এৰি থৈ গৈছে ৷
তেওঁৰ মৃত্যুত চকলাঘাট শাখা সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে আজি এসপ্তাহৰ আগতে জিতুল চন্দ্ৰ বৰাৰ বৌয়েক তথা ৰহাৰ নিবাসী প্ৰয়াত জ্যেষ্ঠভাতৃ অৰুণ চন্দ্ৰ বৰাৰ পত্নীৰো বিয়োগ ঘটিছে ৷ এসপ্তাহৰ ভিতৰতে একেটা পৰিয়ালৰ দুজনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই সকলোকে শোকাভিভূত কৰি তুলিছে ৷
Also Read: মাতৃৰ আলপৈচান ধৰাৰ বাবে স্বামীৰ বিৰুদ্ধে পত্নীৰ গোচৰ : আদালতে দিলে এই ৰায়...