/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b6e6b00a-f9d9-48ce-a36b-9f44194877c4/4.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ শনিবাৰে কামপুৰৰ বানত ক্ষতিগ্ৰস্ত হোৱা এলেকা পৰিদৰ্শন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।উল্লেখ্য যে কেইদিনমান আগতে হৈ যোৱা কপিলী নিশাৰীৰ প্ৰলয়ংকাৰী বানত বঢ়মপুৰ সমষ্টিৰ বিভিন্ন স্থানৰ লগতে কামপুৰ চাংচকী আৰু গাৰুখুন্দা পঞ্চায়তৰ কেইবাঠাইতো বাট-পথৰ বিস্তৰ ক্ষতি সাধন হয়।
এই বানত সমগ্ৰ কামপুৰ অঞ্চলৰ বহু মাথাউৰি লগতে বহু গুৰুতৰ পথ চিঙি যাতায়ত ব্যাহত হৈ পৰিছে। ইয়াৰ মাজতে শনিবাৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে লোকনিৰ্মান বিভাগ আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলক লগত লৈ উক্ত স্থানসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত বিধায়কগৰাকীয়ে অতি শীঘ্ৰে ভগ্ন মথাউৰিৰ মেৰামতি কৰি ৰাইজৰ যাতায়তৰ বাবে সুচল কৰি দিবৰ বাবে বিভাগীয় বিষয়াক নিদেৰ্শ প্ৰদান কৰে।
বিধায়কজনৰ লগত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা , কামপুৰ মণ্ডল বিজেপিৰ সভাপতি শান্তিৰাম বৰা আৰু কামপুৰ পৌৰসভাৰ উপ-পৌৰপতি জয়ন্ত ফুকন আদি উপস্থিত থাকে ।
Also Read: গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us