/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/aca24f9f-d5ab-4691-aeaf-5931ed5a4322/Sabha.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শনিবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা জিলা জল আৰু স্বচ্ছতা অভিযান(DWSM)-ৰ সকলো বিষয়াৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি নগাঁও জিলাৰ সকলো সংমণ্ডলৰ অন্তৰ্গত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ বিতং খতিয়ান লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3ff92900-620b-4239-b9b1-77aa3ac31e22/8012d56b_053a_4c17_afee_341a52691128.jpg)
ইয়াৰোপৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জল জীৱন মিছন অভিলাষী আঁচনি অনুসৰি গ্ৰাম্যাঞ্চলৰ সমগ্র জনগণে নলযোগে বিশুদ্ধ খোৱা পানী লাভ কৰাৰ লক্ষ্য আগত ৰাখি, জিলাখনত আঁচনিসমূহ সম্পূর্ণ ভাবে ৰূপায়ন কৰাৰ ক্ষেত্রত আহি পৰা বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ বাবে আঁচনি তথা পদক্ষেপসমূহৰ পর্যালোচনা কৰি বিভাগীয় বিষয়াক এক নির্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/312b898a-81d9-430b-bfe0-17e51bf56470/dc6e568b_503b_4076_8207_f13c27ba0369.jpg)
উক্ত বিষয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই কয় যে, জিলাখনত ইতিমধ্যে কামবোৰ যথেষ্ঠ তীব্ৰগতিত আগবাঢ়িছে আৰু অতি কম সময়ৰ ভিতৰত কামসমূহ সম্পূৰ্ণ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে উল্লেখ কৰে, যোৱা দুদিন কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত হোৱা আলোচনাৰ পিছত এইয়া নিশ্চিত যে নগাঁও জিলাত উপৰোক্ত জিলা দুখনৰ দৰে ভূমিখণ্ড সম্বন্ধীয় সমস্যা নাই তথাপিও আঁচনিসমূহ সম্পূর্ণ ভাবে ৰূপায়ন কৰাৰ ক্ষেত্ৰত আহিব পৰা সাম্ভাব্য সমস্যাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3b4ee028-0b6f-47b3-94d7-f08a7153f602/bdab3420_0a0a_4b01_a53e_5e6b49d03e28.jpg)
উল্লেখনীয়যে, এই পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে মন্ত্ৰী বৰুৱাই নগাঁও সদৰ সমষ্টিৰ টকৌবাৰীত এখন ৰাজহুৱা সভা সম্বোধন কৰি টকৌবাৰী পানী যোগান আঁচনি মুকলি আৰু আন ৯ টা নলযোগে পানী যোগান আঁচনি ভার্চুৱেলী মুকলি কৰাৰ লগতে বিৰহ বেবেজীয়া ১নং নলযোগে পানী যোগান আঁচনি আৰু বহুৱাচুক পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a00714ef-1f52-4b6d-9e9d-cff43c24cccd/67e235a5_7a7e_4372_add8_db540ed59257.jpg)
ইয়াৰোপৰি মন্ত্ৰী বৰুৱাই নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত প্রশান্তি টুৰিষ্ট লজটো পৰিদর্শন কৰি অতিথিগৃহটোৰ নবীকৰণৰ বাবে কি কি নতুন প্ৰচেষ্টা ল'ব পাৰি সেই বিষয়ত বিভাগীয় বিষয়াবর্গৰ সৈতে আলোচনাত মিলিত হয়। শনিবাৰৰ দিনজোৰা কাৰ্যসূচীত নগাঁও জিলাৰ বিধায়কসকল, জিলা আয়ুক্ত আৰু অনান্য বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে।
Also Read: ৰাজ্যপালৰ দ্বাৰা ৰাজভৱন প্ৰাংগনত পক্ষীগৃহ স্থাপন...