/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2a69f120-7a95-485e-b923-2074044ca1ed/AP_FOR_WEB_3.jpg)
ডিজিটেল ডেস্কঃ সামাজিক অনুষ্ঠান 'বিশ্রাম ঘৰ'ৰ দ্বাৰা প্ৰস্তুত কৰা বিশেষ জৈৱিক পক্ষীগৃহ শনিবাৰে পুৱা ৰাজভৱন প্ৰাঙ্গনত স্থাপন কৰে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে নগৰ অঞ্চলত পক্ষী সংৰক্ষণ তথা পক্ষীগৃহ স্থাপন কৰাৰ এই প্ৰচেষ্টাৰ শলাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b2496399-98dd-4292-971d-018e8c8b5c1e/a25e2b6e_d0ac_45fd_8749_8c13f873ee10.jpg)
অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে সমূহীয়া পক্ষীগৃহ আৰ্হি নিৰ্মাণৰ পৰামৰ্শ দিয়ে। নৱপ্ৰজন্মৰ মাজত পক্ষীৰ সংৰক্ষণ তথা সুৰক্ষাৰ বাবে বিশেষ সজাগতা সৃষ্টিৰ বাবে পৰামৰ্শ আগবঢ়ায়। তেওঁ ৰাজস্থানৰ ভৰতপুৰ পক্ষী অভয়াৰণ্যৰ অভিজ্ঞতাৰ বিষয়েও উপস্থিত থকা সদস্যসকলৰ লগত মত বিনিময় কৰে। মহানগৰত থকা জলাশয় আৰু পৰিভ্ৰমী চৰাইৰ বিষয়েও তেওঁ কিছু তথ্য আহৰণ কৰে।
উল্লেখ্য শনিবাৰৰ অনুষ্ঠানত উপস্থিত থাকে বিশ্রামঘৰ'ৰ সভাপতি প্ৰণৱ কুমাৰ তালুকদাৰ, সচিব ব্রিগেডিয়াৰ সুৰেন্দ্ৰ প্ৰসাদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ডীন ড০ যোগেন কলিতা, বন বিষয়া ভাস্কৰ ডেকা, পক্ষীপ্রেমী ভাস্কৰ কিৰণ বৰা, প্ৰিয়ম বৰা, প্রযুক্তিবিদ অনিল মেহৰা, ইণ্ডিয়া কাৰ্বনৰ মুখ্য কাৰ্যবাহী বিষয়া শ্যামল ভট্টাচাৰ্য আৰু বিচিপিএলৰ মহাপ্ৰৱন্ধক কলী দাস সেন।
Also Read: ৰে'ল আৰক্ষীৰ কাণ্ডঃ ৰে'লত জব্দ কৰা অবৈধ গাঞ্জাৰে আৰম্ভ কৰিছে ব্যৱসায়...