জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

যোৱা ২২ মে'ত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জাতীয় বিদ্যালয় বটদ্ৰৱাৰ পৰা সফলতা অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বুধবাৰে বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যোৱা ২২ মে'ত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জাতীয় বিদ্যালয় বটদ্ৰৱাৰ পৰা সফলতা অৰ্জন কৰা কৃতী ছাত্ৰ- ছাত্ৰীসকলক বুধবাৰে বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। অধ্যক্ষ দিলীপ চন্দ্ৰ বৰা, উপাধ্যক্ষ গিৰিশ বৰুৱা, সচিব প্ৰসন্ন শইকীয়াকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলটোৰ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষানুষ্ঠান খনৰ পৰা সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে, জাতীয় বিদ্যালয়, বটদ্ৰৱাই পূৰ্বৰ বৰ্ষ সমূহৰ দৰে এইবছৰো বিদ্যালয়খনৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । বিদ্যালয়খনৰ পৰা এইবাৰ অৱতীৰ্ণ হোৱা ২৮ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২২ গৰাকীয়ে প্ৰথম স্থান আৰু ৬ গৰাকীয়ে দ্বিতীয় স্থান লাভ কৰে ৷ ইয়াৰে আনচাৰুল হক আৰু প্ৰাংগন বৰাই ডিষ্টিংচন আৰু ৯ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয় ৷

জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...
অসম-মেঘালয়ৰ ভূমি বিবাদঃ কইনাধৰাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in