/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0d7a5c34-6ccc-401a-9e93-21b94f6dc26e/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ শনিবাৰে নগাঁৱত প্ৰদান কৰা হয় ৰঙ্গমঞ্চ শিল্পী বঁটা-২০২৩৷ অসমীয়া প্ৰতিদিন কাকতৰ প্ৰকাশক, বিশিষ্ট অভিনেতা যতিন চৌধুৰীক প্ৰদান কৰা হয় ৰঙ্গমঞ্চ শিল্পী বঁটা-২০২৩ ৷ লগতে আন এগৰাকী অভিনেতা মনোজ বৰদলৈকো প্ৰদান কৰা হয় ৰঙ্গমঞ্চ শিল্পী বঁটা-২০২৩ৰ সন্মান ৷ নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত দুয়োজনা শিল্পীক আনুষ্ঠানিক ভাবে এই বঁটা প্ৰদান কৰা হয় ৷
গগন চৌধুৰীয়ে আঁত ধৰা বঁটা প্ৰদান কৰা অনুষ্ঠানটিত বঁটা গ্ৰহণ কৰি বিশিষ্ট অভিনেতা তথা অসমীয়া প্ৰতিদিন কাকতৰ প্ৰকাশক যতীন চৌধুৰীয়ে কয় যে- "স্বীকৃতি বা বঁটা লাভ কৰাটো সহজ নহয় ৷ সকলো ল'ব পাৰি কিন্তু বঁটা সহজে ল'ব নোৱাৰি ৷" সাহিত্যাচাৰ্য মহিম বৰা, ভবেন্দ্ৰ নাথ শইকীয়া আদিক স্মৰণ কৰি যতীন চৌধুৰীয়ে লগতে কয় যে- "এতিয়া দায়িত্ব বাঢ়িল ৷ কৰ্তব্য বাঢ়িল ৷ কাম কৰি যোৱাৰ ক্ষেত্ৰত সাহস দিছে এই বঁটাই ৷"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ad7d41fc-3b11-4a53-943d-6837c9ef3b71/29119d4c_244d_487c_a8f7_317306b60c82.jpg)
বঁটা প্ৰদানৰ পিছতে ৰঙ্গমঞ্চৰ উদ্যোগত দুখনিকৈ নাটক মঞ্চস্থ কৰা হয় ৷ “শিল্পীৰ চকুলো" আৰু “সতিনীৰ হাংগামা" শীৰ্ষক নাটক দুখনিত অভিনয় কৰা শিল্পীসকলে উপস্থিত দৰ্শকক মুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয় ৷
Also Read: গুৱাহাটী প্ৰেছ ক্লাবত সাংস্কৃতিক আলোচনী "দাপোন" উন্মোচন