কলিয়াবৰত অচিৰেই মুকলি হ’ব ১২৭ খন পানী যোগান আঁচনি...

জে জে এমৰ দ্বাৰা উপকৃত হৈ উৎফুল্লিত গাখীৰ খাইটিৰ বানবিধ্বস্ত গঞা ৰাইজ
কলিয়াবৰত অচিৰেই মুকলি হ’ব ১২৭ খন পানী যোগান আঁচনি...
কলিয়াবৰত অচিৰেই মুকলি হ’ব ১২৭ খন পানী যোগান আঁচনি...

ডিজিটেল সংবাদ কলিয়াবৰ: এটুপি বিশুদ্ধ পানীৰ যোগান ধৰাটো এখন দেশৰ সুস্থ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ হোৱা সত্ত্বেও পূৰ্বতে এই বিষয়টোক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হোৱা নাছিল৷ কিন্তু, ২০১৯ চনত দেশৰ ৭৩সংখ্যক স্বাধীনতা দিৱস উদযাপনত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে, অনাগত সময়ত ভাৰতত জল জীৱন মিছন (JJM)ক পূৰ্ণোদ্যমে আগুৱাই নিয়া হ’ব৷

জল জীৱন মিছনৰ সফল ৰূপায়ণেৰে ২০২৪ চনৰ ভিতৰত দেশৰ গ্ৰামাঞ্চলত বসবাস কৰা প্ৰতিটো পৰিয়ালক দৈনিক ৫৫ লিটাৰ বিশুদ্ধ খোৱা পানী ঘৰে ঘৰে নল সংযোগৰ জৰিয়তে যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে কলিয়াবৰৰ গাখীৰ খাইটিত স্থাপন কৰা পানী যোগান আঁচনিখনৰ জড়িয়তে ‘হৰ ঘৰ জল’ৰ লক্ষ্যৰে বান বিধ্বস্ত গঞা জনসাধাৰণৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷

আৰ্থিকভাৱে পিছপৰা সমাজৰ একেবাৰে অন্তিমগৰাকী ব্যক্তিৰ উপৰিও পূৰ্বতে পানীৰ যোগান নোপোৱা সকলোকে জলজীৱন মিছনৰ অধীনত সামৰি লোৱা হৈছে। চৰকাৰৰ এই অভিলাষী আঁচনিৰ সফল ৰূপায়ণে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া বিশুদ্ধ খোৱা পানীৰ অভাৱ দূৰ কৰাত গাঁওবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পৱন চন্দ্ৰ বৰুৱাই জানিবলৈ দিয়া মতে কলিয়াবৰত ১৬৮ খন পুৰণা পানী যোগান আঁচনি নৱীকৰণ কৰি ১০০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে।

১৩৩ খন নতুন পানী যোগান আঁচনিৰ ভিতৰত ১৭ খন আঁচনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ বিপৰীতে বাকী আঁচনিসমূ্হৰ কাম ৮০ শতাংশ ইতিমধ্যে সম্পূৰ্ণ কৰাৰ লগতে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত ১২৭ টা পানী যোগান আঁচনি ৰাইজৰ বাবে উচৰ্গা কৰা হ'ব বুলি জানিব দিয়ে কাৰ্যবাহী অভিযন্তা পৱন চন্দ্ৰ বৰুৱাই।

কলিয়াবৰত অচিৰেই মুকলি হ’ব ১২৭ খন পানী যোগান আঁচনি...
দুই প্ৰাতঃস্মৰণীয় পুৰোধাক ঢকুৱাখনা প্ৰেছ গিল্ডৰ সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in