/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f5fc8d31-5129-47db-88ba-a737cc449beb/dhokuakhana_22.jpg)
দুই প্ৰাতঃস্মৰণীয় পুৰোধাক ঢকুৱাখনা প্ৰেছ গিল্ডৰ সম্বৰ্ধনা...
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ সমাজ জীৱনৰ দুই প্ৰাতঃস্মৰণীয় ব্যক্তি। শিক্ষা ,সংস্কৃতি, সাহিত্য,বৌদ্ধিক সকলো দিশৰ দুই অন্যতম পুৰোধা প্ৰবীণ সমাজ সংগঠক ছবিলাল জৈন আৰু শিৱপ্ৰসাদ গগৈ। ঢকুৱাখনাৰ সমাজ জীৱনলৈ এই দুই বৰেণ্য মহীয়সীয়ে আগবঢ়াই যোৱা অতুল্য অৱদানৰ প্ৰতি কৃতজ্ঞ প্ৰতিগৰাকী ঢকুৱাখনীয়া।
এই দুই পুৰোধা ব্যক্তিত্বৰ মেটমৰা অৱদানৰ প্ৰতি সদা শ্রদ্ধাশীল ঢকুৱাখনা প্ৰেছ ক্লাব। এখন নব্য ঢকুৱাখনা নিৰ্মাণৰ এই দুই অগ্ৰণী খনিকৰ ছবিলাল জৈন আৰু শিৱপ্ৰসাদ গগৈ। তেওঁলোকৰ আদৰ্শনীয় কৰ্মৰাজি আৰু অৱদানৰ শ্ৰদ্ধাপূৰ্বক স্মৰণ কৰি বৃহস্পতিবাৰে ঢকুৱাখনা প্ৰেছ গিল্ডৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b0ac82d5-a932-4bc8-aca6-bce10c378ae9/79085742_eb41_4dfc_ad09_abcaa4640942.jpg)
প্ৰেছ গিল্ডৰ গৰিষ্ঠ সংখ্যক বিষয়ববিয়াৰ সহযোগত দুয়োগৰাকী বৰ্ষীয়ান নাগৰিক আৰু সহধৰ্মিনীক সম্বৰ্ধনা জনোৱা হয়। ঢকুৱাখনাৰ সাংস্কৃতিক সম্ভ্রম স্বৰূপ ফাটবিহুৰ প্ৰথমখন স্মৃতিগ্ৰন্থ "বিহুৱান"ৰ প্ৰথম গৰাকী সম্পাদক, বিশিষ্ট নাগৰিক ছবিলাল জৈনৰ জীয়ামৰীয়া গাঁৱৰ ঘৰত উপস্থিত হৈ গিল্ডৰ কৰ্মকর্তাসকলে জৈন আৰু পত্নী কুসুম জৈনক চেলেং চাদৰ, গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই।
প্ৰায় ৮২ বছৰীয়া জৈনৰ পাছতেই বিশিষ্ট শিক্ষাবিদ,কাব্য সাধক "চাৰিকড়ীয়াৰ" কবি শিৱ প্ৰসাদ গগৈ (৮০)ৰ ঘৰত উপস্থিত হয় গিল্ডৰ সদস্যসকল। বাৰ্ধক্য আৰু শাৰীৰিক জড়তাকো পৰোৱা নকৰা বিশিষ্ট কাব্য সাধকগৰাকীৰ অমূল্য সৃষ্টিৰাজী আৰু সামাজিক অৱদানৰ শলাগ লৈ গিল্ডৰ কৰ্মকর্তাই মত বিনিময় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/76024c3f-4dff-477b-b37f-aa68b6177399/81dfdbf9_b250_4662_bd43_dc7993d395fe.jpg)
প্ৰচণ্ড মানসিক শক্তি সম্পন্ন আৰু সাহিত্য সাধক গগৈৰ লগতে পত্নী সুলেখিকা পুষ্পা গগৈকো গিল্ডৰ তৰফৰ গামোচা, চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়। গিল্ডৰ কৰ্মকর্তাসকলে দুয়োগৰাকী প্ৰবীণ সমাজহিতৈষীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আর্শীষ গ্ৰহণ কৰে।
দুয়োগৰাকী পুৰোধা ব্যক্তিযে সংবাদকৰ্মীসকলৰে অভিজ্ঞতালব্ধ মত বিনিময় কৰে।ঢকুৱাখনা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাকালীন শুভচিন্তক, প্ৰেছ গিল্ডৰ দিক দৰ্শক দুগৰাকীৰ সৃষ্টিশীল কৰ্মৰাজীৰে সম্ভ্ৰমী ঢকুৱাখনাৰ ইতিহাস চিৰ যুগমীয়া হৈ অনাদি অনন্ত কাললৈ জিলিকি ৰ'ব বুলি গীল্ডৰ সম্পাদক পুলক জ্যোতি বৰাই মন্তব্য কৰে।
Also Read: দ্বিতীয়বাৰ গেৰুৱা বসন পিন্ধিলে শংকৰ প্ৰসাদ ৰয়ে...