আই চি চি এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত বেটিং আৰু বলিং দুয়োটাৰে শীৰ্ষত ভাৰত

আই চি চি এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত বেটিং আৰু বলিং দুয়োটাৰে শীৰ্ষত ভাৰত

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দললৈ শুভাশীষ হৈ অহা শুভমন গিলৰ বাবে ক্ৰিকেটৰ ক্ষেত্ৰত ২০২৩ বৰ্ষতো শুভবৰ্ষ ৰূপে পৰিগণিত হৈছে। শুভমন গিলে ২০২১ চনৰ ২১ এপ্ৰিলৰ পৰা এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটাৰৰ শীৰ্ষত থকা পাকিস্তানী বেটাৰ বাবৰ আজমক পিছ পেলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটাৰৰ তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হোৱা চতুৰ্থ জন ভাৰতীয় বেটাৰ ৰূপে পৰিগণিত হয় শুভমন গিল।

সমান্তৰালকৈ এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ বলাৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজে। বিগত কেইবাখনো মেচত নিজৰ বলিঙেৰে প্ৰতিদ্বন্দী দলৰ বেটাৰক ধৰাশায়ী কৰা উত্তম প্ৰদৰ্শনৰ বাবেই এই শ্ৰেষ্ঠ বলাৰৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ছিৰাজ। ছিৰাজে ৭০৯ পইণ্টেৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে কেশৱ মহাৰাজে ৬৯৪ পইণ্ট আৰু আদম জাম্পাই ৬৬২ পইণ্টেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

আইচিচিয়ে প্ৰকাশ কৰা শেহতীয়া এদিনীয়া ৰেংকিঙ অনুসৰি গিলে ৮৩০ পইণ্টেৰে ১ নং স্থানত দখল কৰাৰ বিপৰীতে বাবৰ আজমে ২২৪ পইণ্টেৰে পিছ পৰি আছে। ২০২৩ৰ গোটেই বছৰটো এদিনীয়া ৰেংকিঙত বাবাৰৰ পিছফালে ঘনিষ্ঠভাৱে থাকি অৱশেষত বুধবাৰে তেওঁক অতিক্ৰম কৰি কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এদিনীয়া ৰেংকিঙত শীৰ্ষস্থান দখল কৰে।

২০২৩ চনত বৰ্তমানলৈ গড়ে ৬৩ ৰাণ আৰু ষ্ট্ৰাইক ৰেট ১০৩.৭২ ৰে ১৪৪৯ ৰান সংগ্ৰহ কৰিছে গিলে। ভাৰতীয় যুৱ বেটাৰগৰাকীয়ে বছৰটোৰ ভিতৰতে ৭টা শতক আৰু ৫টা অৰ্ধশতক অৰ্জন কৰিছে।এই বৰ্ষত এটা ইনিংচত তেওঁ অৰ্জন কৰা সৰ্বাধিক ৰাণ হ'ল ২০৮।

উল্লেখ্য যে, আইচিচিৰ শেহতীয়া এদিনীয়া ৰেংকিঙত বিৰাট কোহলিয়ে তিনিটা স্থানত আগবাঢ়ি চতুৰ্থ স্থান দখল কৰিছে। ভাৰতৰ ৪ নম্বৰ বেটাৰ শ্ৰেয়াছ আয়াৰেও ১৭টা স্থান বৃদ্ধি কৰি এদিনীয়া বেটিং ৰেংকিঙত ১৮ নম্বৰ স্থান দখল কৰিছে।

আই চি চি এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত বেটিং আৰু বলিং দুয়োটাৰে শীৰ্ষত ভাৰত
অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক অনিল চৌধুৰীৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in