জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে মুকলি

জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে মুকলি

ডিজিটেল সংবাদ,বটদ্ৰৱা : ১৯২২ চনতে প্ৰতিষ্ঠা লাভ কৰা অবিভক্ত নগাঁও জিলাৰ স্বাস্থ্য সেৱাৰ একমাত্ৰ প্ৰতিষ্ঠানখনি হৈছে জাজৰি ৰাজ্যিক চিকিৎসালয়। চলিত বৰ্ষত চিকিৎসালয়খনিয়ে গৌৰৱময় শতবৰ্ষত উপনীত হৈছে।

এই গৌৰৱোজ্জ্বল শতবৰ্ষ উৎসৱ অনুষ্ঠানটি অহা ১৮ নৱেম্বৰত জাজৰি ৰাজ্যিক চিকিৎসালয়ত আৰু ১৯ নৱেম্বৰত দক্ষিণ জাজৰিস্থিত ড০ ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা শতবৰ্ষ উৎসৱৰ কাৰ্যসূচী অনুসৰি ১৮ নৱেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ উৎসৱ উদযাপন সমিতিৰ সভাপতি আবুল খায়েৰ আহমেদে।

স্মৃতি তৰ্পন কৰিব কাৰ্যকৰী সভাপতি মিন্ট কোঁৱৰে। ১০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট শিক্ষাবিদ হেমচন্দ্ৰ তামুলী,সমাজকৰ্মী মহেন্দ্ৰ মহন্ত আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টিকেন্দ্ৰ নাথ মেধিয়ে।

১০.৩০ বজাত চিকিৎসা শিবিৰ মুকলি কৰিব দলংঘাট আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডা০ উৎপল কুমাৰ মহন্তই । ১৯ নৱেম্বৰৰ পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত ১০.৩০ বজাত জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ স্থায়ী তোৰণ উদ্ঘাটন কৰিব নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

১১ বজাত মুকলি সভা উদ্বোধন কৰিব অসম চৰকাৰৰ মূখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই আৰু মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। সভাতে 'শতজ্যোতি' শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিধায়ক ৰূপক শৰ্মাই।

সন্ধিয়া ৭ বজাত সম্বৰ্ধনা আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ উৎসৱ অনুষ্ঠানটিৰ কাৰ্যসূচীখনি বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

কাৰ্যসূচী মুকলি কৰি শতবৰ্ষ উৎসৱ উদযাপন সমিতিৰ হৈ সাধাৰণ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে আগন্তুক ১৮ আৰু ১৯ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ উৎসৱৰ সকলো কাৰ্যসূচীতে অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে।

জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে মুকলি
সংগীত শিল্পী জুবিন গাৰ্গৰ আশু-আৰোগ্য কামনা বহুবাকসহ বিভিন্ন দল-সংগঠনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in