ৱাই-২০ বৈঠকৰ সৈতে সংগতি ৰাখি ধুবুৰীত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

জি-২০ সন্মিলনৰ অংশ হিচাপে অসমত হ'বলগীয়া ইয়ুথ-২০ (ৱাই-২০) বৈঠকৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে ধুবুৰীত এক তৰ্ক প্ৰতিযোগিতা সম্পন্ন হয়।
ৱাই-২০ বৈঠকৰ সৈতে সংগতি ৰাখি ধুবুৰীত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ, ধুবুৰী: জি-২০ সন্মিলনৰ অংশ হিচাপে অসমত হ'বলগীয়া ইয়ুথ-২০ (ৱাই-২০) বৈঠকৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে ধুবুৰীত এক তৰ্ক প্ৰতিযোগিতা সম্পন্ন হয়। জিলাৰ অন্তৰ্গত কলেজসমূহৰ অংশগ্ৰহণেৰে ভোলানাথ কলেজৰ প্ৰেক্ষাগৃহত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনু্ষ্ঠিত হয়৷

ধুবুৰী জিলাত চৰকাৰে ন'ডেল কলেজৰ দায়িত্ব দিয়া ভোলানাথ কলেজৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সৌজন্যত আয়োজিত তৰ্ক প্ৰতিযোগিতাখনত ৯খন কলেজৰ ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাৰ বিষয় আছিল সদনৰ মতে-'অসমৰ যুৱ প্ৰজন্মৰ স্বনিয়োজনৰ ক্ষেত্ৰত নতুন শিক্ষা নীতি এক আশীৰ্বাদ৷' তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষতা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ বিদুলা শৰ্মাই৷

ভোলানাথ কলেজৰ অধ্যক্ষই আদৰণি ভাষণ দিয়াৰ পিছতে ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথে প্ৰতিযোগিতাখন উদ্বোধন কৰে৷ প্ৰতিযোগিতাত দলীয় ভাৱে প্ৰথম পুৰস্কাৰ লাভ কৰে ভোলানাথ কলেজৰ ৰাহুল ৰয় আৰু অমৃত পালে৷ দ্বিতীয় পুৰস্কাৰ লাভ কৰে ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ বনশ্ৰী দে' আৰু হাফিজা খাতুনে৷ তৃতীয় পুৰস্কাৰ লাভ কৰে সাপটগ্ৰাম কলেজৰ প্ৰেৰণা দত্ত আৰু পৰমজিৎ ৰয়ে৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে ভোলনাথ কলেজৰ ডালিমী ৰয়ে আৰু দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে চিলাৰায় কলেজৰ সত্যজিৎ মণ্ডলে৷

প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ভোলনাথ কলেজৰ অধ্যক্ষ, প্ৰতিযোগিতাৰ অধ্যক্ষ আৰু বিচাৰক প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি৷ কাইলৈ ভোলানাথ কলেজৰ প্ৰেক্ষাগৃহতে 'পৰিবেশ পৰিৱৰ্তনৰ প্ৰভাৱ আৰু সম্পদ ব্যৱস্থাপনাৰ বিকল্প পদ্ধতিত ইয়াৰ ভূমিকা' শীৰ্ষক বিষয়ত এখন আলোচনাচক্ৰ অনুষ্ঠিত হ'ব৷

সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ক্ৰমে বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক তথা গুৱাহাটীৰ বি বৰুৱা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ জগদীন্দ্ৰ ৰয়চৌধুৰী আৰু পৰিবেশবিদ, লেখক তথা নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত ৷ আলেচনাচক্ৰত অধ্যয়ন পত্ৰ পাঠ কৰিব কেবাগৰাকী শিক্ষাৰ্থীয়ে৷

আৰু পঢ়ক: ৪,০০৪ টা গোচৰঃ কাইলৈৰ পৰা বাল্য বিবাহত জড়িত সকলক কৰা হ'ব গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in