/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/84497a49-0a8c-46f6-9945-e0e3a37944d9/5.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্প বহু অংগৱাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰকল্পটোৰ কচুৱা পঞ্চায়তৰ বহু কেইটা কেন্দ্ৰত এই অনিয়মৰ অভিযোগ উঠিছে।
কচুৱা পঞ্চায়তৰ ২৪৯ নং ওপৰকাহুন্দন প্ৰাথমিক বিদ্যালয়ত জলজীৱন মিচনৰ মটৰৰে নোলোৱাৰ ফলত পানীৰ অভাৱত শিশুক খাদ্য খুৱাব পৰা নাই বিদ্যালয় কৰ্তৃপক্ষয়। অংগণৱাড়ী কেন্দ্ৰটোত কোনো টিউবেলৰ ব্যৱস্থা নথকাত খোৱাপানীৰ ব্যপক সমস্যাই দেখা দিছে। আনফালে এই কেন্দ্ৰটোত জলজীৱন মিচনৰ পৰা আগবঢ়োৱা আচনিখনো বৰ্তমানে কাৰ্যক্ষম নোহোৱাত ব্যাপক সমস্যাই দেখা দিছে।
আনফালে কচুৱা পঞ্চায়তৰ সাতলুঙাৰ ৪১৩ নং কেন্দ্ৰটোৰ একেবাৰে শোচনীয় হৈ পৰিছে। অংগনৱাড়ী কেন্দ্ৰটো বন্ধ থকাৰ ফলত কেন্দ্ৰটোৰ বাৰাণ্ডাত গৰু গোৱৰেৰে ভৰি থকাৰ বিপৰীতে কেন্দ্ৰটোৰ দুৱাৰ মুখতে এৰাল দিয়া হৈছে গৰু।
কেন্দ্ৰটোৰ সভাপতি গৰাকীয়ে জানিব দিয়া অনুসৰি কেন্দ্ৰকৰ্মীগৰাকী প্ৰশিক্ষনত থকাৰ বাবে অনুপস্থিত যদিও সহায়িকাগৰাকী কিয় অনুপস্থিত সেইবিষয়ে তেওঁ জ্ঞাত নহয়। এনেদৰ কচুৱা পঞ্চায়তৰ অন্তৰ্গত বহুকেইটা অংগণৱাডী কেন্দ্ৰ অনিয়ম তথা বিভিন্ন অভাৱৰ মাজত চলি আছে যদিও বিভাগীয় ভাৱে ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিঁছে।
Also Read: প্ৰতিবাদ: বিদুৎ বিভাগৰ কাৰ্যালয়ত এৰি দিলে ঘৰিয়াল...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us