স্বয়ম্ভু চিকিৎসক ৰিয়াজউদ্দিনৰ বিৰুদ্ধে আৰম্ভ তদন্ত ...

ফাৰ্মাচিষ্ট ৰিয়াজউদ্দিনে ঘৰতে কৰিছিল ৰোগীৰ চিকিৎসা
স্বয়ম্ভু চিকিৎসক ৰিয়াজউদ্দিনৰ বিৰুদ্ধে আৰম্ভ তদন্ত ...
স্বয়ম্ভু চিকিৎসক ৰিয়াজউদ্দিনৰ বিৰুদ্ধে আৰম্ভ তদন্ত ...

ডিজিটেল সংবাদ কামপুৰঃ এগৰাকী ফাৰ্মাচিষ্ট হৈ ঘৰতে চিকিৎসকৰ দৰে চেম্বাৰ খুলি ৰোগীৰ ৰোগ পৰীক্ষা কৰাৰ লগতে অস্ত্ৰোপ্ৰচাৰ পৰ্যন্ত কৰিবলৈ দুঃসাহস কৰা এগৰাকী ফাৰ্মাচিষ্টৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। দীৰ্ঘদিনৰ পৰা কচুৱাত স্বয়ম্ভু চিকিৎসক ৰিয়াজউদ্দিনে নিজৰ ঘৰতে চেম্বাৰ খুলি ৰোগীৰ ৰোগ পৰীক্ষা কৰাৰ লগতে জটিল ৰোগৰ অস্ত্ৰোপচাৰ পৰ্যন্ত কৰিছিল।

তেওঁৰ এই চেম্বাৰ হৈ পৰিছিল যমশালা সদৃশ। শেহতীয়াকৈ এইগৰাকী স্বয়ম্ভু চিকিৎসকৰ বিৰুদ্ধে এগৰাকী ৰোগীৰ আত্মীয়ই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। কচুৱাৰ উজানমাৰীৰ এজন ৰোগী ৰিয়াজউদ্দিনৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱা বুলি অভিযোগ কৰি আত্মীয় তথা স্থানীয় লোকে মঙ্গলবাৰে তেওঁৰ লুবানা মেডিক'জ নামৰ ফাৰ্মাচীখন ঘেৰাও কৰিছিল।

তাৰ পাছতেই ৰিয়াজউদ্দিনে ফাৰ্মাচী, চেম্বাৰ সকলো এৰি পলায়ন কৰে। অভিযোগ অনুসৰি পূৰ্বেও এইদৰে এইগৰাকী ভুৱা চিকিৎসকৰ বাবেই ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। এনে পৰিস্থিতিত ৰাইজৰ প্ৰতিবাদৰ মাজতে প্ৰশাসনৰ বিষয়টো দৃষ্টিগোচৰ হোৱাত এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

জানিব পৰা মতে স্থানীয় আৰক্ষীয়ে গোটেই বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে সময়ৰ অগ্ৰগতিৰ লগে লগে এই তদন্তই কি গতি লাভ কৰে সেয়া হ'ব লক্ষ্যণীয়। ৰোগীৰ জীৱনৰ সৈতে হেতালি ৰিয়াজউদ্দিনৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ'ব লক্ষ্যণীয়।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল এগৰাকী ফাৰ্মাচিষ্ট হৈ কিদৰে নিজৰ ঘৰত ইমান দিনে চেম্বাৰ খুলি ৰোগীৰ অস্ত্ৰোপ্ৰচাৰ পৰ্যন্ত কৰিবলৈ ৰিয়াজউদ্দিনে সাহস কৰিলে? এই সন্দৰ্ভত ইমান দিনে স্থানীয় আৰক্ষী অথবা সংশ্লিষ্ট বিভাগে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল সেয়া এক ডাঙৰ প্ৰশ্ন।

স্বয়ম্ভু চিকিৎসক ৰিয়াজউদ্দিনৰ বিৰুদ্ধে আৰম্ভ তদন্ত ...
কেজৰিৱালে ক'লে- ১৪০ কোটি জনতাই একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজিব লাগিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in