ৰাঙলুত আন্তৰ্জাতিক নিচামুক্তি দিৱস উদযাপন

ৰাঙলুত আন্তৰ্জাতিক নিচামুক্তি দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
ৰাঙলুত আন্তৰ্জাতিক নিচামুক্তি দিৱস উদযাপন

ডিজিটেল,সংবাদ,কঠীয়াতলী : বুধবাৰে ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ প্ৰেক্ষাগৃহত নগাঁও সমাজ কল্যাণ বিভাগ, জিলা আইন সেৱা প্ৰধিকৰণৰ উদ্যোগত আৰু ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ সহযোগত আন্তৰ্জাতিক নিচামুক্তি দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত ভালেকেইগৰাকী ব্যক্তিয়ে বিষয়বস্তু সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

Advertisment

নগাঁও জিলা আইনসেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওগ, নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি কলিতা, ড°বিশ্বৰূপ গোহাঁই বৰুৱা,গ্ৰাম বিকাশ পৰিষদৰ মুখ্য সঞ্চালক ছিৰাজউদ্দিন আহমেদে গুৰুত্বপূৰ্ণ ভাষণ দিয়ে। একেদৰে জিলা সমাজ কল্যান বিষয়া ভোলানাথ পেগু, সংবাদ কৰ্মী ঘনকান্ত বৰা, পৰামৰ্শদাতা বিজুমনি বৰা লিগিৰা, লিংগ বিশেষজ্ঞ সুৰক্ষিত বৰঠাকুৰ, অভিনব বৰা মুন দাস আৰু আৰু লংকাম টেৰণ নিচাজাতীয় দ্ৰব্যৰ অপকাৰীতাৰ সম্পৰ্কে ভাষণ প্ৰদান কৰে।

নিচামুক্তি কেন্দ্ৰ আবাসী উদ্দেশ্যে এখন মনোগ্ৰাহী বাটৰ নাট ও প্ৰদৰ্শন কৰে। লগতে দিৱসৰ লগত সংগতি ৰাখি আবাসীসকলক জিলা সমাজ কল্যাণ বিভাগৰ দ্বাৰা একোটাকৈ টি-চাৰ্ট আৰু এটাকৈ খাদ্যৰ টোপোলা বিতৰণ কৰে। অনুষ্ঠানত সহযোগিতা আগবঢ়ায় গ্ৰাম বিকাশ পৰিষদৰ উপ-সভাপতি আবুল কালাম আৰু কৰ্মচাৰীসকলে।

Also Read: বিহালীত জালনোটসহ সৰবৰাহকাৰী আটক

International De-Addiction Day Rangalu Kathiyatali