বিহালীত জালনোটসহ সৰবৰাহকাৰী আটক

বিহালীত জালনোটসহ সৰবৰাহকাৰী আটক

author-image
Asomiya Pratidin
New Update
বিহালীত জালনোটসহ সৰবৰাহকাৰী আটক

বিহালীত জালনোটসহ সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ, বিহালী : বুধবাৰে বিহালীৰ জিনজিয়াত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে বিশ্বনাথ চাৰিআলিৰ পৰা লখিমপুৰ অভিমুখী "অনামিকা" নামৰ বাছখনৰ পৰা সৰ্বমুঠ ৩ লাখ ৫০ হাজাৰ ৫ শ টকাৰ জালনোট জব্দ কৰা হয়।

Advertisment

ইয়াৰোপৰি লক্ষীমপুৰ জিলাৰ বঙালমৰাৰ মিনাৰা বেগম নামৰ মহিলাগৰাকীক জালনোট সৰবৰাহৰে জড়িতৰ অভিযোগত আটক কৰা হয়। মহিলাগৰাকীয়ে বেগত ভৰাই লৈ গৈ থকাৰ অৱস্থাত জিনজিয়াআৰক্ষীয়ে বাছখনৰ পৰা মহিলাগৰাকীক আটক কৰে ৷

ধৃত মিনাৰা বেগমৰ ঘৰ লক্ষীমপুৰ জিলাৰ বঙালমৰাৰ ২নং ইছলামপুৰত ৷ জব্দ কৰা জালনোটসমূহ ৫০০ টকীয়া। ঘটনাৰ সন্দৰ্ভত জিনজিয়া আৰক্ষীয়ে,অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷

Also Read: যোৰহাট ডায়েটত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৭ দিনীয়া বিশেষ শিবিৰৰ সফল সামৰণি

bihali bihali police