ধিং মহাবিদ্যালয়ত আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন...

ধিং মহাবিদ্যালয়ত আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (National Service Scheme) গোটৰ অধীনস্থ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি, ধিং মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী(NCC)ৰ উদ্যোগত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহযোগত সোমবাৰে আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ সভা গৃহত অসমীয়া বিভাগৰ জেষ্ঠ অধ্যাপক ড০ পংকজ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে অনুষ্ঠিত সভাৰ উদেশ্য ব্যখ্যা কৰে মহাবিদ্যালয়ৰ এন এছ এছ (NSS) গোটৰ তত্বাৱধায়ক শিক্ষক ড০ মুকুট মনি শইকীয়াই।

সভাত অংশ গ্ৰহণ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই সাৱলীল ভাষণেৰে "ড্ৰাগছ সেৱনৰ ভয়ানক ফলাফল আৰু ড্ৰাগছ আসক্তিৰ ফলশ্ৰুতিত এজন লোক কেনেকৈ তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ে। তাৰ বিশ্লেষণ কৰি এই মাৰাত্মক ব্যাধিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক দূৰতে বিদূৰ হৈ এখন সুন্দৰ সমাজ গঢ়িবলৈ" আহ্বান জনায়।

মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱৰ তত্বাৱধায়ক ড০ উজয়ন্ত দাস আৰু এন চি চিৰ তত্বাৱধায়ক পুৰন্দ গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰি আই চি টি চি(ICTC)ৰ কাউন্সিলৰ জুবেৰুল আমিনে সম্প্ৰতি ভয়াৱহ ৰূপ পোৱা ড্ৰাগছৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাত বহু যুৱক যুৱতী আসক্ত হোৱাৰ বাবেই শিলচৰৰ পাছতে নগাঁও জিলাত এইডছ ৰোগীৰ সংখ্যা ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে।

ধিং মহাবিদ্যালয়, শংকৰদেৱ শিশু নিকেতনৰ লগতে ধিং অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত অংশগ্ৰহন কৰি ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড সম্প্ৰসাৰক অমৃত তালুকদাৰ আৰু প্ৰতিদিনৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই ড্ৰাগছৰ বিৰুদ্ধে যুজাৰু সেনানী হৈ কেনেকৈ সমাজত সুন্দৰ চিন্তাৰে সাহিত্য, সংস্কৃতি, কলা, ক্ৰীড়া আৰু অধ্যয়নৰ মাজেৰে জীৱন সুন্দৰ কৰিব পাৰি তাৰ বৰ্ণনা দিয়ে।

ড্ৰাগছ বিৰুদ্ধে যুঁজ দিয়াৰ শপত বাক্যৰে সভাৰ সামৰণী মৰাৰ পাছতে উপস্থিত ছাত্ৰ ছাত্ৰীৰ মাজত "আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস" শীৰ্ষক পষ্টাৰ প্ৰস্তুত আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰু শেষত বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়।

ধিং মহাবিদ্যালয়ত আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন...
নগাঁৱৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চোৰৰ সন্ত্ৰাস, উদ্বিগ্ন ৰাইজ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in