নগাঁৱৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চোৰৰ সন্ত্ৰাস, উদ্বিগ্ন ৰাইজ...

dangor kotha
dangor kotha

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁৱত অব্যাহত আছে বৃহৎ গৰু চুৰি চক্ৰৰ অভিযান। নগাওঁ জিলাৰ ঘাঁ‌হী, মহমৰীয়া, দক্ষিণপাট, বালিগাওঁ, পেটবড়া, জাগিয়াল, হাতীচোং মৌজাৰ বিভিন্ন অঞ্চল সমূহত, কাছমাৰী মৌজাৰ বিভিন্ন প্ৰান্তত দিনক দিনে গৰু চুৰি অব্যাহত থকাৰ মাজতে দেওবাৰে নিশা নগাঁৱৰ বেবেজীয়াৰ সমীপৱৰ্তী মাহৰীআটিৰ ভৱেন বৰাৰ গোহালিৰ পৰা দুজনী খীৰতী গাই আৰু দুটা দমৰা গৰু চুৰ কৰি লৈ যায়।

যোৱা পষেকটোত বিশেষকৈ ঘাঁ‌হী, মহমৰীয়া, শেনচোৱা অঞ্চলৰপৰা বহুকেইটা পৰিয়ালৰ গৰু গোহালিৰ পৰাই চুৰি কৰি নিয়াত পৰিয়াল কেইটাই মূৰে কপালে হাত দিছে । জানিব পৰা মতে, শেনচোৱাৰ জটিল দাসৰ তিনিজনি খীৰতী গাই সহ দমৰা গৰু চোৰ কৰি লৈ যায়। ঠিক সেইদৰে ঘাঁ‌হী আৰু মহমৰীয়া অঞ্চলৰ দ্ৰোণকান্ত দাস, গোলোক শৰ্মা, ডিম্বেশ্বৰ দাস, নিৰ্মল দাস, সম্ভুৰাম দাস, লক্ষী দাস আৰু প্ৰয়াত মণি দাসৰ ঘৰৰ পৰা দুই- তিনিটাকৈ গৰু চোৰ কৰি লৈ যায়। ইয়াকে লৈ এতিয়া অঞ্চলকেইটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাইজৰ অভিযোগ অনুসৰি, যেতিয়াই গৰু বেপাৰীয়ে পুৱাই পুৱাই গৃহস্থই ঘৰত গৰু সমূহ ক্ৰয় কৰাৰ সন্দৰ্ভত চাবলৈ আহে তাৰ ঠিক এদিন-দুদিনৰ পাছতেই গৃহস্থৰ গোহালিৰ পৰা অৰ্ন্তধান হোৱাত সৰ্বত্ৰে এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে ৷ আনহাতে, গ্ৰামাঞ্চলৰ খাটিখোৱা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বিপদৰ সাৰথি হিছাপে গোহালিৰ গৰু কেইটাও চুৰি কৰি নিয়াত পৰিয়াল সমূহৰ মাজত বৰ্তমান হাহাকাৰ সৃষ্টি হৈছে।

ইতিমধ্যে গৰু চুৰি হোৱা গৃহস্থসমূহে দাবী কৰা অনুসৰি আৰক্ষীক এই সন্দৰ্ভত বহুবাৰ অৱগত কৰা হৈছে যদিও গৰুচুৰি চক্ৰটোৰ কোনো এটা চোৰৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত বৰ্তমান কোনো লোকে নগাঁও আৰক্ষীত গৰু চুৰি সন্দৰ্ভত অৱগত নকৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, আজি কিছুদিন ধৰি নগাঁও জিলাৰ বিভিন্ন স্থানত গৰু চুৰি কাৰ্য সংঘটিত হৈ আহিছে যদিও নগাঁও আৰক্ষীৰ ভূমিকাত সৰ্বসাধাৰণ ৰাইজে কোনো সুফল লাভ কৰা নাই ৷ সম্প্ৰতি নগাঁও আৰক্ষীৰ ভূমিকাক ৰাইজে সহজভাৱে ল'ব পৰা নাই ৷ আৰক্ষীক শীঘ্ৰে গৰু চুৰি চক্ৰটোক গ্ৰেপ্তাৰৰ দাবী জনাইছে সৰ্ব্বসাধাৰণ ৰাইজে ৷

dangor kotha
গোলাঘাটত মিলেট শীর্ষক সজাগতা সভা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in