কামপুৰত ভাৰতীয় ভাষা দিৱস পালন...

কামপুৰত ভাৰতীয় ভাষা দিৱস পালন...

author-image
Asomiya Pratidin
New Update
কামপুৰত ভাৰতীয় ভাষা দিৱস পালন...

কামপুৰত ভাৰতীয় ভাষা দিৱস পালন...

ডিজিটেল সংবাদ কামপুৰঃ সমগ্ৰ দেশৰ লগতে সোমবাৰে কামপুৰতো ভাৰতীয় ভাষা দিৱস উদযাপন কৰে। সৰ্বশিক্ষা মিচনৰ অধীনৰ কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কামপুৰৰ শংকৰ নগৰ মধ্য ইংৰাজী বিদ্যালয়ত ভাৰতীয় ভাষা দিৱস উদযাপন কৰে।

Advertisment

এই উপলক্ষে বিদ্যালয়খনত এখন সভাৰ আয়োজন কৰে।বিদ্যালয়খনৰ প্ৰধান শিক্ষক নৱীন কাকতি আৰু সহ শিক্ষক প্ৰণৱ শইকীয়াই আঁত ধৰা সভাখনত কঠীয়াতলী শিক্ষা খণ্ডৰ কেইবাগৰাকী বিষয়া উপস্থিতিত ভাৰতীয় ভাষাৰ ওপৰত বহলাই বাখ্যা আগবঢ়াই।

কঠীয়াতলী শিক্ষা খণ্ডৰ সমল ব্যক্তি ৰতন কুমাৰ দাস আৰু কঠীয়াতলী শিক্ষাখণ্ডৰ পৰিদৰ্শক শংকৰ চেত্ৰীয়ে ভাষা মহোৎসৱৰ উদ্দেশ্য আৰু কণ কণ শিশুসকলক নিজৰ মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰ বাবে শিক্ষক আৰু অভিভাৱক সকলৰ প্ৰতি আহ্বান কৰে।

ইয়াৰ আগতে তেঁতেলীসৰা সমল কেন্দ্ৰৰ সম্বনয়ক লক্ষ্যজ্যোতি ৰাজখোৱাই সভাৰ উদ্দেশ্য বাখ্যা কৰে।ইফালে বিদ্যালয়খনত " বন্ধূ বিদ্যালয়" কাৰ্যসূচী অন্তৰ্গত শংকৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু শংকৰ নগৰ প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত সাংস্কৃতিক আৰু খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে বিহু, তিৱাৰ লগতে বিভিন্ন নৃত্য গীত প্ৰদৰ্শন কৰে।

Also Read: মহানগৰীত সোণৰ নাও, নকল নোটৰ সৈতে দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ...

কামপুৰ