কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰক্তদান শিবিৰ...

কলিয়াবৰ প্ৰেছ ক্লাবৰ ২৭ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে সোমবাৰে আয়োজন কৰা হয় এক ৰক্তদান শিবিৰ।

author-image
Asomiya Pratidin
New Update
কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰক্তদান শিবিৰ...

ডিজিটেল সংবাদ, কলিয়াবৰঃ ১৯৯৭ চনৰ ১৭ জুলাইত জন্ম লাভ কৰা কলিয়াবৰৰ সংবাদসেৱীসকলৰ উমৈহতীয়া মঞ্চ কলিয়াবৰ প্ৰেছ ক্লাবে অতিক্ৰম কৰিলে ২৭ টা গৌৰৱোজ্জল বৰ্ষ। কলিয়াবৰ প্ৰেছ ক্লাবৰ ২৭ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে সোমবাৰে আয়োজন কৰা হয় এক ৰক্তদান শিবিৰ।

Advertisment

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আয়োজন কৰা ৰক্তদান শিবিৰটো মুকলি কৰে কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰে। জখলাবন্ধা খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ বীৰেণ দেউৰী, কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ-অধীক্ষক ড০ জয়দ্বীপ কাকতি, চিকিৎসক ধীৰাজ চাংৱানৰ লগতে কলিয়াবৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়া প্ৰমুখ্যে সংবাদসেৱীসকল উপস্থিত থকা ৰক্তদান শিবিৰটোত ৩০ৰো অধিক যুৱক-যুৱতী স্বেচ্ছাই ৰক্তদান কৰে।

ইয়াৰোপৰি কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰবন্ধ প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলকো পুৰস্কৃত কৰা হয়। উল্লেখ্য যে, কলিয়াবৰ প্ৰেছ ক্লাবৰ ২৭ সংখ‍্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্য‍ায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কলিয়াবৰ ভিত্তিত আয়োজন কৰা 'মোৰ জীৱনত সংবাদ মাধ‍্যমৰ প্ৰভাৱ' শীৰ্ষক প্ৰৱন্ধ প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থান লাভ কৰা প্ৰতিযোগী হ’ল ক্ৰমে, প্ৰথম শ্ৰেষ্ঠ বিউটি হাজৰিকা,কলিয়াবৰ মহাবিদ‍্যালয়, কুঁৱৰীটোল; দ্বিতীয় শ্ৰেষ্ঠ মৌচুমী হাজৰিকা, কন‍্যকাশ্ৰম কনিষ্ঠ মহাবিদ‍্যালয়, শিলঘাট আৰু তৃতীয় শ্ৰেষ্ঠ মণিষা ওৰাং, কুঠৰী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, কুঠৰী।

Also Read: জামুগুৰিহাটত নদুৱাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ শুভ উদ্ধোধন...

kaliabor press club