নগাঁৱত ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা

নগাঁৱত ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
নগাঁৱত ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ,নগাঁও : আগন্তুক ২৬ অক্টোবৰৰ পৰা নগাঁৱত অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা । এইবাৰ মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়া এই প্ৰতিযোগিতাখনত অংশ ল'ব দেশৰ ভিন্ন প্ৰান্তৰ ১৫ টাকৈ আগশাৰীৰ ফুটবল দলে ।

Advertisment

নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ বিষয়ে শুক্ৰবাৰে সংবাদমেলযোগে সদৰী কৰে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই । আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাখনৰ এটি শীৰ্ষ গীতো মুকলি কৰা হয় ।

উল্লেখ্য যে, ১৯৪৯ চনৰ পৰাই নগাঁও ক্ৰীড়া সন্থাৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈ আহিছে এই জনপ্ৰিয় ফুটবল প্ৰতিযোগিতাখন । এইবাৰ ইয়াৰ লীগ পৰ্যায়ৰ খেল কামপুৰ আৰু ধিঙৰ ষ্টেডিয়ামতো অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে । প্ৰতিযোগিতাখনি নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত সামৰণি পৰিব বুলি উদ্যোক্তাই জনায়।

Also Read: দুৰ্গা পূজাৰ সময়ত হিন্দু ধৰ্মালম্বী লোকৰ ঘৰ, মন্দিৰ সুৰক্ষিত কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰৰ বিশেষ পদক্ষেপ

football football tournament