/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9e3a6493-cb53-46cb-999b-d930c9229ede/181.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত শিলঘাটস্থিত কন্যকাশ্ৰম কনিষ্ঠ মহাবিদ্যালয়ৰ নবনিৰ্মিত গৃহৰ মঙ্গলবাৰে শুভাৰম্ভ কৰা হয়। স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই গৃহটি আনুষ্ঠানিকভাৱে মুকলি কৰে।
উল্লেখ্য যে শিলঘাট অশোকাষ্টমী মেলা কমিটিয়ে পৰিচালনা কৰা এই মহাবিদ্যালয়খনৰ শুভাৰম্ভ অনুষ্ঠান উপলক্ষে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে শিক্ষাবিদ সলিল মিত্ৰই। এই উপলক্ষে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মনিমাধব মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তই।
মহন্তই কয় যে, প্ৰাক ঐতিহাসিক কালৰে পৰা শিলঘাট শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা আছিল। কলিয়াবৰৰ শিক্ষাৰ সকলো কথা শিলঘাটৰ পৰাই আৰম্ভ হৈছিল। শিলঘাটৰ প্ৰাচীন কালৰ পৰা বৃটিছৰ সময়লৈকে ইতিহাসৰ কথা উল্লেখ কৰি মহন্তই কয় যে শিলঘাটৰ প্ৰাচীন নাম আছিল কন্যকাশ্ৰম ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2f108e9f-eb87-4ca1-987e-9f86046a91c6/39e4172d_9ce4_46ba_807f_8475b780721f.jpg)
সেই সময়তেই ইয়াত শিক্ষাদানৰ ব্যৱস্থা আৰম্ভ হয়। এতিয়া শিলঘাটত কন্যকাশ্ৰম নামটো পুনৰ চৰ্চালে আনি এখন শিক্ষানুষ্ঠান স্থাপন কৰি শিলঘাটত শিক্ষাৰ প্ৰচাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপ নিশ্চয় ভাল পদক্ষেপ। তেওঁ লগতে কয় যে শিক্ষক,জনপ্ৰতিনিধি, ছাত্ৰ সমাজ, অভিভাৱক সকলোৱে দায়িত্ব সহকাৰে শৈক্ষিক দিশত কাম কৰিলে শিক্ষা ক্ষেত্ৰখনত অভুতপূৰ্ব সফলতা লাভ কৰিব পাৰি।
শিলঘাটৰ নৈসৰ্গিক পৰিবেশৰ কথা উল্লেখ কৰি মহন্তই কয় যে শিলঘাটক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে কলিয়াবৰত শীঘ্ৰে আইন মহাবিদ্যালয়, আই টি আই আৰু নাৰ্ছিং কলেজৰ কাম আৰম্ভ কৰা হ'ব।
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই কয় যে একাগ্ৰতা ,নিষ্ঠা থাকিলে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰি। তেওঁ অধ্যয়নত কেনেকৈ সফলতা লাভ কৰিব পাৰি ,সেই সম্পৰ্কে এক মননশীল বক্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8560511d-c1aa-417b-8955-6824d8a4a4b5/87fffd25_60a6_4648_a842_cbeb04c56ad0.jpg)
সভাতেই মহাবিদ্যালয়খনৰ বাৰ্ষিক আলোচনী 'কন্যকাশ্ৰম ' উন্মোচন কৰে কলিয়াবৰ সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰে উন্মোচন কৰে। সভাত কলিয়াবৰৰ খণ্ড উন্নয়ন বিষয়া ঋতুপৰ্ণা বুঢ়াগোহাঁই, শিক্ষা বিষয়া নীলোজ্বল শৰ্মা ,শিলঘাট অশোকাষ্টমী মেলা কমিটিৰ সভাপতি ধৰ্ম বৰা ,সম্পাদক লোহিত বৰা ,মহাবিদ্যালয়ৰ অধ্যক্ষ ৰিদিপ হাজৰিকা ,পৰিচালনা সমিতিৰ সম্পাদক দিপেন গগৈ , পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ভূপেন শৰ্মা ,সম্পাদক নৃপেন কেওটৰ লগতে সমাজকৰ্মী সৌৰভ হাজৰিকা ,শৈলেন্দ্ৰ প্ৰসাদ দলবৰুৱা ,কনক হাজৰিকা,এপেক্স বেংক শিলঘাট শাখাৰ পৰিচিলক নিৰঞ্জন দাস,সমাজৰ্মী যোগেন শইকীয়া ,সত্যপ্ৰসাদ ৰাজখোৱা আদিয়ে অংশগ্ৰহণ কৰে।
Also Read: যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত ব্যায়ামাগাৰৰ শিলান্যাস