/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/45f57668-ca1a-41f9-88ec-267106c451cf/180.jpg)
ডিজিটেল সংবাদ,যোৰহাট : যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্রীড়া প্রকল্পত মঙলবাৰে ছ'চাইটিৰ প্রস্তাৱিত ব্যায়ামাগাৰটিৰ শিলান্যাস সম্পন্ন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে বিধায়ক হিতেন্দ্র নাথ গোস্বামী, জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক মোহন লাল মীনা।
ইয়াৰোপৰি উক্ত অনুষ্ঠানটিত ছ'চাইটিৰ সভাপতি ৰক্তিম শইকীয়াৰ প্রমুখ্যে ছ'চাইটিৰ সদস্যসকল, প্রশিক্ষক-প্রশিক্ষিকা তথা অভিভাৱকমণ্ডলী আৰু ছ'চাইটিৰ শুভাকাংক্ষী সকল উপস্থিত থাকে। উল্লেক্ষ্য যে যোৰহাট ছুইমিং ছ'চাইটিৰ উন্নয়নৰ বাবে আজি উক্ত অনুষ্ঠানতে বিধায়ক হীতেন্দ্ৰ নাথ গোস্বামীয়ে ১০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে।
তদুপৰি নৱ প্ৰজন্মৰ বাবে ছুইমিং পুলৰ প্ৰয়োজনীয়তা আৰু উপকাৰীতাৰ বিষয়ে এক চমু বক্তব্যও আগবঢ়ায়। উক্ত অনুষ্ঠানটিত যোৰহাটৰ জিলা আয়ুক্ত পুলক মহন্তই ছ'চাইটিৰ আন্ত: গাঠনি উন্নয়নৰ সন্দৰ্ভত চৰকাৰী ভাবে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত কিছু কথা অৱলোকন কৰে। আনহাতে আৰক্ষী অধীক্ষক মিনাই ছুইমিং পুলৰ সামগ্রিক পৰিৱেশটিৰ তদাৰক তথা পৰিচ্ছন্নতাৰ বাবে ছ'চাইটিৰ বিষয়ববীয়া সকলক বিশেষভাৱে শলাগ লয়।
Also Read: আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত ডিব্ৰুগড় চেম্পিয়ন