বঢ়মপুৰ সমষ্টিৰ খেল মহাৰণৰ শুভাৰম্ভ : ৫শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

বঢ়মপুৰ সমষ্টিৰ খেল মহাৰণৰ শুভাৰম্ভ : ৫শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰ সমষ্টিৰ খেল মহাৰণৰ শুভাৰম্ভ : ৫শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

ডিজিটেল সংবাদ,কামপুৰ : শুকুৰবাৰৰ পৰা কামপুৰৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভ হৈছে বঢ়মপুৰ সমষ্টিৰ খেল মহাৰণ। গাঁৱৰ খেলুৱৈসকলে যাতে ৰাজ্যিক তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি কৃতিত্ব অৰ্জন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা খেল মহাৰণৰ সমষ্টিভিত্তিক খেলসমূহত বঢ়মপুৰ সমষ্টিৰ ২৫ খন পঞ্চায়তৰ ৫শতাধিক প্ৰতিযোগীয়ে অংশ লৈছে।

Advertisment

আজি বিয়লি কামপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত এই ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।

অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ,নগাওঁ জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষ্য জ্যোতি দাস,কঠিয়াতলি উন্নয়ন খণ্ডৰ খণ্ড বিষয়া স্বেতা পদ্মা শৰ্মা আৰু জিলা ক্ৰীড়া বিষয়া মানস দাস উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিয়লি এটি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

উল্লেখ্য যে, পঞ্চায়তসমূহৰ পৰা নিৰ্বাচিত দলসমূহৰ মাজত কামপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত আগন্তুক ১০দিন ধৰি এই খেল মহাৰণ অনুষ্ঠিত হ'ব ।

Also Read: নগাঁও জিলাৰ ৬ বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

Khel Maharan 2023 kampur