নগাঁও জিলাৰ ৬ বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

নগাঁও জিলাৰ ৬ বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

ডিজিটেল সংবাদ,নগাঁও : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৬টা বিধানসভা সমষ্টিৰে গঠিত নগাঁও নিৰ্বাচনী জিলাৰ বাবে ২০২৩ বৰ্ষৰ খচৰা ভোটাৰ তালিকা শুকুৰবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইখনেই হৈছে প্ৰথমখন খচৰা ভোটাৰ তালিকা।

আজি নগাঁও আৱৰ্ত ভৱন সভা কক্ষত অনুষ্ঠিত এক সংবাদ মেলত জিলাখনৰ নিৰ্বাচনৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত লক্ষ্যজ্যোতি দাসে জনোৱামতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ ক্ৰমিক নম্বৰসমূহ সাল-সলনি হয়। নতুন ক্ৰমিক নম্বৰ অনুসৰি ৫৫ নং ধিং সমষ্টি, ৫৬ নং ৰূপহীহাট সমষ্টি, ৫৮ নং চামগুৰি সমষ্টি, ৫৯ নং বঢ়মপুৰ সমষ্টি, ৬০ নং নগাঁও-বটদ্ৰৱা সমষ্টি আৰু ৬১ নং ৰহা সমষ্টি হিচাপে নামাকৰণ কৰা হয়।

এই ৬টা সমষ্টিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা ১৩,০০৮৩৯ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৬,৫৪,৩৮১জন আৰু মহিলা ভোটাৰ ৬,৪৬,৩৮৪গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৭৪গৰাকী। প্ৰকাশিত খচৰা তালিকা অনুসৰি, ৫৫ নং ধিং সমষ্টিত মুঠ ভোটাৰ ২,১৭,৪৩২ গৰাকী, ৫৬ নং ৰূপহীহাট সমষ্টিত ২,১২,২০৬ গৰাকী , ৫৮ নং চামগুৰি সমষ্টিত ২,০৯,৫৮১ গৰাকী, ৫৯ নং বঢ়মপুৰ সমষ্টিত ২,২৭,৮৮৭ গৰাকী , ৬০ নং নগাঁও-বটদ্ৰৱা সমষ্টিত ১,৯৭,৭১১ গৰাকী আৰু ৬১ নং ৰহা সমষ্টিত ২,৩৬,০২২ গৰাকী।

জিলাখনৰ ৬টা বিধানসভা সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ১,৪২৬টা। ইয়াৰে ধিঙত ২৩২টা, ৰূপহীহাটত ২১৭টা, চামগুৰিত ২১৩টা, বঢ়মপুৰত ২৫৪টা, নগাঁও-বটদ্ৰৱাত ২৩৫টা আৰু ৰহাত ২৭৫টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

আনহাতে ভোটাৰ ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰ্ধাৰণৰ বাবে অন্তিম তাৰিখ অহা ৮ জানুৱাৰী ধাৰ্য কৰা হয় । ভোটাৰ ৰাইজে ভোটাৰ হেল্প লাইন এপ, স্থানীয় বি এল অ', চি এচ চি আৰু অন লাইনৰ জৰিয়তে নতুন নাম অন্তভুক্তি, কৰ্তন, নাম সংশোধনীকে ধৰি ভোটাৰ সম্পৰ্কীয় সকলো কাম-কাজসমূহ কৰিবলৈ সক্ষম হ'ব।

আনহাতে, খচৰা ভোটাৰ তালিকাত নিজৰ নামসমুহ প্ৰত্যক্ষ কৰিবলৈ স্থানীয় বি এল অ', ৰাজহ চক্ৰৰ কাৰ্যালয়, জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, জিলা নিৰ্বাচনী আয়োগৰ ৱেবচাইটৰ সহায় ল'ব পাৰিব বুলি সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মৌচম প্ৰীতম নাথে জানিবলৈ দিয়ে।

নগাঁও জিলাৰ ৬ বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ
বিহালীত সমষ্টি ভিত্তিক খেল মহাৰণৰ শুভাৰম্ভণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in