২৫ ফেব্ৰুৱাৰীত বেবেজীয়াত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান

পালনাম থানৰ কেন্দ্ৰীয় প্ৰশাসনিক ভৱনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিব ড৹ শৰ্মাই
২৫ ফেব্ৰুৱাৰীত বেবেজীয়াত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান

ডিজিটেল সংবাদ ,বেবেজীয়াঃ আগন্তুক ২৫ ফেব্ৰুৱাৰীত এদিনীয়া ভ্ৰমণসূচীৰে নগাঁৱত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ অংশৰূপে সেইদিনা পুৱা ১০ বজাত নগাঁও জিলাৰ বেবেজীয়াস্থ একশৰণ ভাগৱতী সমাজৰ এক উন্নয়মুখী কাৰ্যসূচীত অংশ ল'ব তেওঁ । ১৯৭৩ চনতেই আচাৰ্য ইলাৰাম দাসে প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী সমাজৰ বেবেজীয়াৰ পালনাম থানৰ প্ৰস্তাৱিত কেন্দ্ৰীয় প্ৰশাসনিক ভৱনটিৰ আধাৰশিলা স্থাপন কৰি ইয়াৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই এককোটি টকাৰ ব্যয় সাপেক্ষে এই প্ৰশাসনিক ভৱনটো নিৰ্মাণ কৰা হ'ব । ইতিমধ্যে ইয়াৰ বাবে নগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত ফিলিচ ভি এল এম চাংহ্ৰাং আৰু সদস্য সচিব উমাকান্ত দাসৰ নেতৃত্বত এখন নিৰ্মাণ সমিতিও গঠন কৰা হৈছে । এই অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে পালনাম থানৰ মূল কীৰ্ত্তন ঘৰত আশীষ নিৰ্মালি গ্ৰহণ কৰাৰ উপৰিও ভকত-বৈষ্ণৱৰ সৈতে এক চমু আলোচনাটো মিলিত হ'ব বুলি কেন্দ্ৰীয় প্ৰচাৰ সচিব ডেভিদ দাসে সংবাদ মাধ্যমক জনাইছে । মুখ্যমন্ত্ৰীৰ এই অনুষ্ঠানটিত সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধি আৰু প্ৰধান সচিব জীৱন চন্দ্ৰ কাকতিয়ে ।

উল্লেখ্য যে,একশৰণ ভাগৱতী সমাজৰ বেবেজীয়াৰ পালনাম থানৰ ৯ বিঘা ২ কঠা ২ লোচা ভূমিত ইতিপূৰ্বে মূল কীৰ্ত্তন ঘৰৰ উপৰিও ভকতৰ জিৰণি গৃহ,ৰান্ধনিশালা,ভড়াল ঘৰ,কৃষ্টি বিকাশ কেন্দ্ৰ,জিলাৰ প্ৰশাসনিক কাৰ্যালয়,মহিলাৰ জিৰণি কোঠা,নন্দীৰাম আতা ভৱন আদি পৰিকল্পনা অনুযায়ী আটক ধুনীয়াকৈ সংস্থাপিত কৰা হৈছে । বেবেজীয়াস্থিত এই ধৰ্মীয় অনুষ্ঠানটিয়ে প্ৰতি বছৰেই মাঘ মাহত চাৰিদিনীয়াকৈ পালনাম মহোৎসৱ আৰু অধিবেশন অনুষ্ঠিত কৰাৰ উপৰিও সময়ে সময়ে ধৰ্মালোচনী সভা আৰু আলোচনা চক্ৰৰ জৰিয়তে এক সুস্থ বাতাবৰণ গঢ়িবলৈ সক্ষমতা অৰ্জন কৰিছে ।

২৫ ফেব্ৰুৱাৰীত বেবেজীয়াত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান
অস্মিতা খেলো ইণ্ডিয়া মহিলা ফুটবলৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in