অস্মিতা খেলো ইণ্ডিয়া মহিলা ফুটবলৰ সামৰণি

অস্মিতা খেলো ইণ্ডিয়া মহিলা ফুটবলৰ সামৰণি

ডিজিটেল সংবাদ, যোৰহাটঃ ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয় আৰু ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধানত অসম ফুটবল সন্থাৰ সহযোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাটৰ কল্যাণী খেল পথাৰত যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত অস্মিতা খেলো ইণ্ডিয়া ১৭ বছৰ অনুৰ্ধ্ব মহিলা ফুটবল প্ৰতিযোগিতাত যোৰহাট টাউন ক্লাবে চেম্পিয়ন খিতাপ অৰ্জন কৰিছে।

প্ৰতিযোগিতাখনিৰ বৃহস্পতিবাৰে চূড়ান্ত খেলখনত যোৰহাট টাউন ক্লাবে টীয়ক উপ-ক্ৰীড়া সন্থাক ৫-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয়। আজি খেলৰ আৰম্ভণিৰে পৰাই টীয়ক উপ-ক্ৰীড়া সন্থাক চাপত ৰাখি প্ৰথমাৰ্ধৰ ৪ মিনিটতে ডলি গগৈয়ে এটা গ'ল দি ১-০ গ'লৰ অগ্ৰগতি দিয়ে টাউন ক্লাবক। সেই দৰে দলটোৰ অমৃতা তাঁতীয়েও প্ৰথমাৰ্ধৰ ২৮ মিনিটত এটা গ'ল দি প্ৰথমাৰ্ধতে ২-০ গ'লত অগ্ৰগতি লাভ কৰে। দ্বিতীয়ৰ্ধত পুনৰ অমৃতা তাঁতয়ে ৫০ আৰু ৫৫ মিনিটত দুটা গ'ল দি দলটোক ৪-০ গ'লৰ অগ্ৰগতি প্ৰদান কৰাৰ উপৰিও খেলৰ ৬০ মিনিটত ববিতা পাৰ্চীয়ে এটা গ'লৰ দিয়াত ৫-০ গ'লৰ ব্যৱধানত জয়লাভ কৰে যোৰহাট টাউন ক্লাব দলটোৱে।

খেলৰ অন্তত ফুটবল বিভাগ চেয়াৰমেন দ্বিজেন শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত বঁটা বিতৰণী সভাত চেম্পিয়ন দল যোৰহাট টাউন ক্লাবক ৫০ হাজাৰ টকাৰ চেক আৰু ট্ৰফী প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড আৰু অঞ্জনা শইকীয়াই। ৰানাৰ আপ দল টীয়ক উপ-ক্ৰীড়া সন্থাক ৩০ হাজাৰ টকা চেক আৰু ট্ৰফী প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত চন্দ্ৰ বড়া আৰু দুৰ্লভ নাৰায়ন বৰুৱাই।

অস্মিতা খেলো ইণ্ডিয়া মহিলা ফুটবলৰ সামৰণি
ঢকুৱাখানাৰ দুই দিক দৰ্শকক প্ৰেছ গিল্ডৰ সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in