প্ৰতিশ্ৰুতি অসাৰঃ বছৰৰ প্ৰথমটো বানত খহিল প্ৰেমিজানৰ মথাউৰী...

প্ৰতিশ্ৰুতি অসাৰঃ বছৰৰ প্ৰথমটো বানত খহিল প্ৰেমিজানৰ মথাউৰী...

author-image
Asomiya Pratidin
New Update
প্ৰতিশ্ৰুতি অসাৰঃ বছৰৰ প্ৰথমটো বানত খহিল প্ৰেমিজানৰ মথাউৰী...

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত কপিলীৰ ভয়ানক ৰূপ। শনিবাৰে পুৱাই খহাই নিলে কামপুৰৰ গাৰুখোন্দা পঞ্চায়তৰ গোসাইগাঁৱৰ নৱনিৰ্মিত মথাউৰী। ধূলিসাৎ হ'ল মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক শশী কান্ত দাসৰ প্ৰতিশ্ৰুতি। বছৰৰ প্ৰথমটো বানতে খহি গ'ল প্ৰেমিজানৰ গুৰুত্বপূৰ্ণ মথাউৰী ।

Advertisment

বিগত বৰ্ষতো এই মথাউৰীটো ভাঙি নিছিল কপিলী নৈয়ে । পলমকৈ নিৰ্মাণ কৰাৰ বাবেই কাম সম্পূৰ্ণ নহ'ল মথাউৰীটোৰ। মথাউৰীটো চিঙি যোৱাৰ বাবে কামপুৰ ৰাজহ চক্ৰৰ গৰুবাট মৌজালৈ শংকা নমাই আনিছে । উল্লেখ্য যে বিগত বৰ্ষত বানপানীৰ পিছত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কামপুৰক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি সকলো ভগ্ন মথাউৰী শীঘ্ৰেই নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰেমাজানৰ এই বান্ধটো শিলেৰে নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

এই কথা ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসেও সভাই সমিতিয়ে প্ৰতিশ্ৰুতি দিছিল।কিন্তু এটা বছৰ শুই বহি থাকি বহাগ বিহুৰ পিছত এম জি এন ৰেগা আঁচনিত প্ৰায় পঞ্চাছ লাখ টকা ব্যয় সাপেক্ষে মথাউৰীটো নিৰ্মাণ কৰিবলৈ লোৱাত কাম সম্পূৰ্ণ কৰিব নোৱাৰাত এইদৰে খহনীয়া হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

Also Read: মহানগৰীত অঘটন, পূৰ্বে ভাড়াত থকা বাসগৃহলৈ গৈ আত্মহত্যা এজনৰ...

embankment