কাঞ্চনজংঘা এক্সপ্ৰেছত অঘটন: অচেতন কৰি লুটি নিয়ে দুজন যাত্ৰীৰ বয়-বস্তু

কাঞ্চনজংঘা এক্সপ্ৰেছত অঘটন: অচেতন কৰি লুটি নিয়ে দুজন যাত্ৰীৰ বয়-বস্তু

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ei muhurtar khabar

ডিজিটেল সংবাদ, নগাওঁঃ কাঞ্চনজংঘা এক্সপ্ৰেছত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দিল্লী অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছত দেওবাৰে পুৱতি নিশা চাপৰমুখ ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে অচেতন অৱস্থাত দুজন ৰে'ল যাত্ৰী। উদ্ধাৰ হোৱা যাত্ৰী দুজন গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া জয়ন্ত সৰকাৰ আৰু বাংলাদেশৰ বাসিন্দা আব্দুলা আল মামুদ।

Advertisment

দুয়োজনকে কোনো অচিনাকী ব্যক্তিয়ে খাদ্যৰ সৈতে নিচা জাতীয় ঔষধ খোৱাই ধন, নথি-পত্ৰসহ বয়-বস্তু লুটি লৈ যায়। দেওবাৰে পুৱা নগাঁৱৰ চাপমুখ ৰে'ল আৰক্ষীয়ে প্ৰতিদিনে কৰা নিয়মিত তালাচিত উদ্ধাৰ কৰে ব্যক্তি দুজনক। বৰ্তমান ৰেল আৰক্ষীৰ উদ্যোগত ব্যক্তি দুজনক নগাঁও ভোগেশ্বৰী ফুকননী অসাময়িক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

Also Read: অসম প্ৰগতি ফাউণ্ডেশ্যনৰ মহিলা সৱলীকৰণ সজাগতা সভা...

nagaon news