অসম প্ৰগতি ফাউণ্ডেশ্যনৰ মহিলা সৱলীকৰণ সজাগতা সভা...

অসম প্ৰগতি ফাউণ্ডেশ্যনৰ মহিলা সৱলীকৰণ সজাগতা সভা...

author-image
Asomiya Pratidin
New Update
অসম প্ৰগতি ফাউণ্ডেশ্যনৰ মহিলা সৱলীকৰণ সজাগতা সভা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যৰ চুকে কোণে থকা মহিলাসকলক সামৰি লৈ, প্ৰতিটো অঞ্চলত ২০গৰাকী নিৰ্বাচিত মহিলাৰ কোষ গঠন কৰি সৱলীকৰণ, কষ্টসহিষ্ণুতা, আত্মনিৰ্ভৰশীল, পৰমুখী পৰিহাৰ কৰি ৰাজ্যখনক স্বনিৰ্ভৰশীল আৰু স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে ২০২৩ চনৰ মাৰ্চ মাহত আৰম্ভ হৈছে "অসম প্ৰগতি ফাউণ্ডেশ্যন" শীৰ্ষক স্বেচ্ছাসেৱী সংগঠন। এই অসম প্ৰগতি ফাউণ্ডেশ্যনৰ দেওবাৰে এখন গুৰুত্বপূৰ্ণ সভা বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ মুকলি সভাগৃহত অনুষ্ঠিত হয়।

Advertisment

সভাৰ উদেশ্যে ব্যখ্যা কৰে আশ্বাদুল ইছলামে। শিক্ষক ৰাজীৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে অসম প্ৰগতি ফাউণ্ডেশ্যনৰ ৰাজ্যিক আয়ুক্ত নোমল চন্দ্ৰ বৰা। তেওঁ "ৰাজ্যৰ মহিলা সকলক সুসংগঠিত কৰি স্বাৱলম্বী হোৱাৰ কৌশল, বৰ্তমান মূল্যবৃদ্ধিৰ বাবে ককবকাই থকা সৰ্বসাধাৰণক কেনেকৈ অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত উপলদ্ধ কৰাব পাৰি আৰু পৰিবেশ সুৰক্ষাৰ বাবে গাঁৱে ভূঞে নিম আৰু আহত গছ ৰোপণ কৰি পৰিবেশ সুুন্দৰ আৰু স্বাস্থ্যবান ভবিষ্যত পৰিকল্পনা"ৰ কথা ব্যক্ত কৰে।

সভাত অসম প্ৰগতি ফাউণ্ডেশ্যনৰ অধ্যক্ষা ৰুমী হাজৰিকা, উপাধ্যক্ষ আব্দুল হক, সদস্য মাধৱ বৰা, ইন্নচ আলী, নৱনীতা শইকীয়া, সংগীতা কোৱৰ ডেকাৰ লগতে সদস্যবৃন্দ, কৰ্মকৰ্তা আৰু অঞ্চলৰ শতাধিক মহিলা উপস্থিত থাকে।

Also Read: নিঃশেষ হ'ব কলেষ্টেৰল! খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ উপাদান...

batadrava