বেবেজীয়াত পুনৰ গৰুচোৰৰ উপদ্ৰৱ

বেবেজীয়াত পুনৰ গৰুচোৰৰ উপদ্ৰৱ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়াত পুনৰ দেখা পোৱা গৈছে গৰুচোৰৰ উপদ্ৰৱ। একাংশৰ অভিযোগ অনুসৰি, বেবেজীয়া আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই শুকুৰবাৰে নিশা বেবেজীয়া জুৰিয়া নামঘৰৰ সমীপৰ পৰা গৰু চুৰিৰ ঘটনা সংঘটিত হয়।

অঞ্চলটোৰ শিক্ষক জিতু বৰাৰ এজনী চেউৰী গাই আৰু বেবেজীয়া আৰ্য জাতীয় বিদ্যালয়ৰ কাষৰ নিবাসী তুলু বৰাৰ ৩টা গৰু গোহালিৰ পৰা চুৰি হোবা ঘটনাই সমগ্ৰ বেবেজীয়া অঞ্চলত চাঞ্চল্যই বিৰাজ কৰিছে । উল্লেখ্য যে, বেবেজীয়া আৰক্ষী চকীৰ কিছু নিলগৰ ব্যক্তি দুগৰাকী গৰু চুৰীৰ ঘটনাই আৰক্ষী ৰ নিষ্ক্ৰিয়তা পুনৰ প্ৰমাণ কৰিলে বুলি চৰ্চিত হৈছে ।

Also Read: বাসুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জন আৰোগ্য সমিতি গঠন

bebejiya Assam police