বাসুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জন আৰোগ্য সমিতি গঠন

বাসুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জন আৰোগ্য সমিতি গঠন

ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলাৰ সীমান্তৱৰ্তী অতি গুৰুত্বপূৰ্ণ চহৰ বাসুগাঁও । এই চহৰখনৰ ৩নং ওৱাৰ্ডত অৱস্থিত বাসুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি। বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে শনিবাৰে স্বাস্থ্য কেন্দ্ৰটিত জন আৰোগ্য সমিতি (JAS) গঠন কৰা হয় ।

পূৰ্বৰ স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ চৌধুৰীক সভাপতি, বাসুগাঁও পৌৰসভাৰ উপ পৌৰপতি মৌখৌম বসুমতাৰীক উপ সভাপতি,স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ গন্ধেশ্বৰ হাজঙক সদস্য সচিব আৰু আন ১৭ গৰাকী বিভিন্ন ক্ষেত্ৰৰ সতে জড়িত ব্যক্তিক লৈ জন আৰোগ্য সমিতিখন গঠন কৰা হয় । এইখন স্বাস্থ্য কেন্দ্ৰত বদলি হৈ অহা ডাঃ হাজং সৎ আৰু নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখি চিকিৎসালয়ৰ কোঠা উন্নত মানৰ কৰি তোলাৰ লগতে লেবাৰ ৰুম, ৰোগীৰ বাবে টিভিৰ ব্যৱস্থা, শিশুৰ বাবে ওমলা ব্যৱস্থা, গেট, আটকধুনীয়া ফুলনি বাগিছা ইত্যাদিয়ে জিলাখনৰ ভিতৰতে এক আৰ্দশ স্বাস্থ্য কেন্দ্ৰ হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আনকি নিজে কান্ধত বাঁহ দাঙি আনি স্বাস্থ্য কেন্দ্ৰটিৰ বাগিছাৰ ফুলনি গৰু-ছাগলীয়ে যাতে নষ্ট কৰিব নোৱাৰে তাৰ বাবে জেওঁৰাৰ ব্যৱস্থা কৰি সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে । ডাঃ হাজঙৰ কামৰ নমুনা দেখি এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সৎ ইচ্ছাৰ ফলত জাকত-জিলিকা ৰূপ লোৱাৰ দৰে অনুষ্ঠানৰ মূৰব্বীৰ সৎ ইচ্ছাৰ বাবে অগ্ৰগতি নিৰ্ভৰ কৰে বুলি সভাপতি ৰবীন্দ্ৰ কুমাৰ চৌধুৰীয়ে কয়।

ঠেক আৰু দ ঠাইত পুৰণিকলীয়া এটি কোঠাত চিকিৎসা সেৱা আগবঢ়াই অহা ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ গন্ধেশ্বৰ হাজঙে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উপৰিও লাজ নোহোৱাকৈ বিভিন্ন জনৰ পৰা খুজি-মাগি স্বাস্থকেন্দ্ৰটিৰ উন্নতিকল্পে সকলো প্ৰকাৰ চেষ্টা অব্যাহত ৰখা বুলি তেওঁ ভাষণ প্ৰসঙ্গত ব্যক্ত কৰে । আনকি নিজৰ পকেটৰ ধন খৰচ কৰিও স্বাস্থ কেন্দ্ৰটিৰ বিভিন্ন কাম কৰাৰ কথা ব্যক্ত কৰে ।

সভাত উপস্থিত প্ৰত্যেক জনে ডাঃ হাজঙক ইয়াৰ পৰা বদলি হৈ নাযাবলৈ অনুৰোধ কৰে । অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে একাউন্টেণ্ট অশোক দত্তই ।

বাসুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জন আৰোগ্য সমিতি গঠন
বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in